Skip to main content

Featured

সংখ্যা আৰু প্ৰক্ৰিয়া | Class 5 Mathematics chapter 1 | Class 5 Mathematics | Class 5 Mathematics SCERT |

সংখ্যা আৰু প্ৰক্ৰিয়া

নলবাৰীৰ এখন প্রাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 20 গৰাকী ছাত্র-ছাত্রী তেওঁলোকৰ শ্ৰেণী শিক্ষকৰ সৈতে শৈক্ষিক ভ্রমণৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাল। তেওঁলোকে গাইপতি দৃশ টকাকৈ উঠালে আৰু এখন গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে-আঞ্চলিক বিজ্ঞান কেন্দ্র, শংকৰদেৱ কলাক্ষেত্র, চিৰিয়াখানা, তাৰকাগৃহ আৰু চানমাৰিত চলি থকা গ্রন্থমেলালৈ গ'ল। তেওঁলোকৰ গুৱাহাটী শৈক্ষিক ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত কিছু প্ৰশ্নৰ উত্তৰ কৰোঁ আহা

দূৰত্ব 

• নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্রলৈ-79 কি মি

•আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্রলৈ 4 কিমি

•শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰিলৈ-9 কি মি

•চানমাৰিৰ পৰা তাৰকাগৃহলৈ-3 কি মি

•তাৰকাগৃহৰ পৰা নলবাৰীলৈ-70 কি মি


(i) নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব______কিমি।

উত্তৰঃ  দিয়া আছে, 

নলবাৰীৰ পৰা বিজ্ঞান কেন্দ্ৰলৈ দূৰত্ব - 79 কিমি

বিজ্ঞান কেন্দ্ৰ পৰা শংকৰদেৱ কলাক্ষেত্রলৈ দূৰত্ব -4 কিমি

এতেকে, নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব হʼব - 79+4= 83 কিমি।

(ii) কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব হ'ল___________কিমি।

উত্তৰঃ দিয়া আছে,

শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰিলৈ দূৰত্ব -9 কিমি

চানমাৰিৰ পৰা তাৰকাগৃহলৈ দূৰত্ব -3 কিমি

কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব হʼব- 9+3=12 কিমি।

(iii) চানমাৰিৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ মুঠ দূৰত্ব ____________কিমি।

উত্তৰঃ দিয়া আছে,

চানমাৰিৰ পৰা তাৰকাগৃহলৈ দূৰত্ব - 3 কিমি

তাৰকাগৃহৰ পৰা নলবাৰীলৈ দূৰত্ব - 70 কিমি

চানমাৰিৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ মুঠ দূৰত্ব হʼব- 70+3= 73 কিমি।

এইবাৰ ভ্ৰমণৰ লগত জড়িত তলৰ সমস্যাবোৰ দলত বহি আলোচনা কৰি সমাধান কৰা

(i) গাইপতি 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্র-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ 200 টকা x 20 = টকা।

উত্তৰঃ গাইপতি 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্র-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ হʼব

200×20= 4000 টকা।

(ii) দলটোৱে গাড়ীৰ ভাৰাৰ বাবে 2200 টকা আদায় দিলে। তেন্তে তেওঁলোকৰ মুঠ সংগৃহীত ধনৰ কিমান টকা হাতত থাকিব?

উত্তৰঃ দিয়া আছে,

দলটোৱে গাড়ীৰ ভাৰাৰ বাবে টকা দিলে 2200 

এতেকে, তেওঁলোকৰ মুঠ সংগৃহীত ধনৰ টকা হাতত থাকিব  4000-2200=1800 টকা। 

(iii) আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ প্ৰবেশৰ বাবে 21 জনৰ (শিক্ষকসহ) গাইপতি 10 টকাকৈ জমা দিয়াত টিকটৰ বাবে মুঠ খৰচ হ'ল টকা আৰু বাকী ৰ'ল টকা।

উত্তৰঃ দিয়া আছে,

আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ প্ৰবেশৰ বাবে 21 জনৰ গাইপতি 10 টকাকৈ দিয়াত টিকটৰ মুঠ খৰচ হ'ল- 21×10=210 টকা। 

এতেকে, টকা বাকী ৰʼব- 1800-210=1690 টকা। 

(iv) দলটোৱে খোৱাৰ বাবদ গাইপতি 65 টকাকৈ খৰচ কৰিলে। মুঠ 21 জনৰ কিমান টকা খৰচ হ'ল? 65 টকা × 21 = টকা।


টকা জমা থাকিল।

(v) এতিয়া দলটোৰ হাতত


ASS


(vi) কিতাপ কিনিবৰ বাবে বটুক দেউতাকে 450 টকা দি পঠাইছিল। সি গ্রন্থমেলাৰ পৰা তলত উল্লেখিত কিতাপসমূহ কিনিলে এখন বুঢ়ী আইৰ সাধু মূল্য 66 টকা; এখন ঈছপৰ সাধু মূল্য 45 টকা; এখন Spoken English মূল্য 82 টকা আৰু ৰং কৰিব পৰা কিতাপ পাঁচখন মুঠ মূল্য 125 টকা। গ্রন্থমেলাত বল্টুৱে মুঠ কিমান টকাৰ কিতাপ কিনিলে আৰু ৰণ্টৰ হাতত কিমান টকা জমা থাকিল?


শিক্ষকলৈ নির্দেশনা- প্রতিটো সমস্যা সমাধান কি দবে কৰিলে তাক শিক্ষকে নিৰীক্ষণ কৰিব।


তলৰ তথ্যখিনি পঢ়া


পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ কালি 352 বর্গ কি মি।


আহোমসকলে অসমত প্রায় 600 বছৰ ৰাজত্ব কৰিছিল।


আকববে 1556 খ্রীষ্টাব্দৰ পৰা 1605 খ্ৰীষ্টাব্দলৈ শাসনভাৰ চলাইছিল।


গুৱাহাটীৰ পৰা দিল্লীৰ দূৰত্ব 1930 কি মি।


2018 চনৰ পিয়ল মতে কাজিৰঙাত গঁড়ৰ সংখ্যা 2413 টা।


হিমালয়ৰ উচ্চতম শৃংগ মাউন্ট এভাবেষ্টৰ উচ্চতা 8848 মিটাৰ।


ওপৰৰ বাক্যত থকা সংখ্যাবোৰ আখৰেৰে প্রকাশ কৰোঁ আহা


Co


সংখ্যা


সংখ্যা (আখৰেবে)


a. 352


তিনিশ বারন


b. 600


c. 1556


d. 1605


2


Comments