Skip to main content

Featured

মোৰ মাতৃ মোখ দৰ্শন

 মোৰ মাতৃ মোখ দৰ্শন

(ক) অতি চমু প্ৰশ্ন 

১। 'মোৰ মাতৃমুখ দর্শন' শীর্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ  'মোৰ মাতৃমুখ দর্শন' শীর্ষক পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্ৰথম খণ্ড)ৰ পৰা সংগ্ৰহ কৰা হৈছে ।

২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?

উত্তৰঃ‌ সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত।

৩। বেজবৰুৱাই 'মাতৃমুখ' দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্রা কৰিছিল?

উত্তৰঃ বেজবৰুৱাই 'মাতৃমুখ' দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল।

8| ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?

উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিণী আৰু সৰুটি কন্যা।

৫। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হ'ল - পাচনি।

(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। 'মোৰ মাতৃমুখ দর্শন' শীর্ষক পাঠটিৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰঃ 'মোৰ মাতৃমুখ দর্শন' শীর্ষক পাঠটিত লক্ষ্মীনাথ বেজবৰুৱাই ডেৰকুৰি অথবা বছৰৰ মূৰত মাতৃমুখ দৰ্শনৰ যি অভিজ্ঞতা সেয়া পাঠটিত দাঙি ধৰিছে। কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সুদীৰ্ঘ ত্ৰিৰিশ-চল্লিশ বছৰৰ পাছত মাতৃভূমি অসমলৈ উভতি আহিছিল। অসমত আহি ভৰি থোৱাৰ পিছৰে পৰা বেজবৰুৱাদেৱে তেওঁৰ গুণগ্ৰাহী সকলৰ পৰা যি আগ্ৰহ আদৰ আৰু আপ্যায়ন লাভ কৰিছিল তাৰ লগতে তেওঁ অসমখনৰ যি প্ৰগতিশীল ৰূপ প্ৰত্যক্ষ কৰিছিল তাৰ দ্বাৰা তেওঁ অভিভূত হৈ পৰিছিল। দীৰ্ঘদিনৰ বিৰতিৰ পিছত জন্মদাতা মাতৃক দৰ্শন কৰি অপাৰ আনন্দ লাভ কৰিব পৰা যায়, ঠিক সেইদৰে মাতৃভূমিলৈ আহিও বেজবৰুৱাদেৱে সেই বিমল আনন্দ লাভ কৰিছিল। সেই দিশৰ পৰা প্ৰবন্ধটিৰ নামাকৰণ সাৰ্থক হোৱা বুলি কʼব পাৰি।

২। 'মোৰ মাতৃমুখ দর্শন' শীর্ঘটিত 'মাতৃ' শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰ পিছত লেখকৰ 'মাতৃমুখ' দর্শন হৈছিল?

উত্তৰঃ  'মোৰ মাতৃমুখ দর্শন' শীৰ্ষটিত 'মাতৃ' শব্দৰে মাতৃভূমি অসমক বুজোৱা হৈছে। 

         প্ৰায় ডেৰ অথবা দুকুৰি বছৰ পিছত লেখকৰ 'মাতৃমুখ' দৰ্শন হৈছিল।

৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?

উত্তৰঃ 

8। 'মোৰ মাতৃমুখ দৰ্শন'ৰ লেখকে উল্লেখ কৰা 'মাজিউ' আৰু 'জ্ঞান' কোন আছিল? 

উত্তৰঃ 'মোৰ মাতৃমুখ দৰ্শন'ৰ লেখকে উল্লেখ কৰা 'মাজিউ' হৈছে সুকবি শ্ৰী যুত চন্দ্ৰকুমাৰ আগৰৱালা আৰু 'জ্ঞান' হৈছে মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এট্- লৰ।

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ হ'ল - (ক) প্ৰাকৃতিক সৌন্দৰ্য, (খ) ঐতিহাসিক উৎকৰ্ষ, (গ) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা।

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। 'মোৰ মাতৃমুখ দর্শন' পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰে'লযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা। 117)


২। 'মোৰ মাতৃমুখ দর্শন' পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি-কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা।


'হাহা হুহু' কোন আছিল? এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা।


৪। 'ডিবৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল।' ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, বুজাই লিখা। (19)


৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত, বুজাই লিখা।

Comments