Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
মগনিয়াৰ
মগনিয়াৰ
আর্হি প্রশ্ন:(ক) অতি চমু প্রশ্ন। (প্রতিটো প্রশ্নৰ মূল্যাংক- ১)
১। অসমীয়া সাহিত্যত প্রথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী কোন?
উত্তৰঃ অসমীয়া সাহিত্যত প্রথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী হৈছে - যতীন্দ্ৰনাথ দুৱৰা।
২। কবি যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম হৈছিল ১৮৯২ চনত।
৩। যতীন্দ্ৰ নাথ দুৱৰাক কি কবি বুলি কোৱা হয়?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়।
8। 'ওমৰ তীৰ্থ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?
উত্তৰঃ 'ওমৰ তীৰ্থ' পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়ত পুথিৰ ভাৱানুবাদ।
৫। যতীন্দ্ৰ নাথ দুৱৰাই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই বনফুল কবিতাপুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
(খ) চমু প্রশ্ন। (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)
১। কথা-কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ কথা-কবিতা এবিধ কবিতা বুলিয়ে ক'ব পাৰি। গদ্যৰ মাধ্যমেৰে ভাষাৰ ৰীতি অক্ষুণ্ণ ৰাখি কবিত্বময়ী ভাৱধাৰাৰে ৰচনা কৰা কবিতাবোৰকে কথা-কবিতা বুলি কোৱা হয়।
কথা-কবিতাৰ দুটা বৈশিষ্ট্য হ'ল -
(ক) কথা-কবিতা এবিধ কবিতাই, ই ব্যঞ্জনাময়ী গদ্যত ৰচিত।
(খ) কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত।
২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পার্থক্য আছে?
উত্তৰঃ কবিতা আৰু কথা-কবিতাৰ মাজত পার্থক্য হʼল-
(ক) কবিতাসমূহ সাধাৰণতে কাব্য ধৰ্মী। আনহাতে, কথা-কবিতাসমূহ গদ্যধৰ্মী।
(খ) আধুনিক কবিতাক বাদ দি আন আন কবিতাসমূহত ছন্দৰ মিল থকা দেখিবলৈ পোৱা যায়। আনহাতে, কথা-কবিতাত ছন্দৰ মিল থকা দেখিবলৈ পোৱা নাযায়।
(গ) ছন্দোময়ী কবিতাৰ প্ৰধান লক্ষ্য গীত আৰু শ্ৰব্য বিষয়ক মূৰ্ত্ত কৰি তোলা। আনহাতে, কথা-কবিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজ্জিৱতা আৰূপ কৰা।
৩। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।
উত্তৰঃ ওমৰ খায়াম হʼল এজন ফাৰ্চী ছুফী কবি।
তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হʼল- ৰুবায়ত।
8। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?
উত্তৰঃ
৫। 'ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।' শোন কি প্রসংগত এই উক্তি কৰিছিল?
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment