Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
ৰাৱণক বিভীষণৰ সজ উপদেশ | Class 11 Assamese Chapter 10 All Questions and Answers || Class 11 Assamese Chapter 10 All Questions and Answers AHSEC |
ৰাৱণক বিভীষণৰ সজ উপদেশ
১) 'ৰাৱণক বিভীষণৰ সজ উপদেশ' নামৰ পাঠটিৰ 'লেখক 'কোন?
উত্তৰঃ 'ৰাৱণক বিভীষণৰ সজ উপদেশ' নামৰ পাঠটিৰ লেখক মাধৱ কন্দলি।
২) মাধৱ কন্দলিয়ে কিমান শতিকাত বাল্মীকিৰ সংস্কৃত ৰামায়ণৰ পদ অসমীয়ালৈ 'অনুবাদ কৰিছিল?
উত্তৰঃ মাধৱ কন্দলিয়ে চতুদর্শ শতিকাত বাল্মীকিৰ সংস্কৃত ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল।
৩) 'ৰাৱণক বিভীষণৰ সজ উপদেশ' নামৰ পাঠটি কৰ পৰা লোৱা হৈছে?
উত্তৰঃ 'ৰাৱণক বিভীষণৰ সজ উপদেশ' নামৰ পাঠটি মাধৱ কন্দলিৰ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোরা হৈছে।
৪) মাধৱ কন্দলি কোন যুগৰ কবি?
উত্তৰঃ মাধৱ কন্দলি প্রাক্ শংকৰী যুগৰ কবি।
৫) মাধৱ কন্দলিয়ে কোন বজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?
উত্তৰঃ মাধৱ কন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।
৬। আধুনিক ভাৰতীয় আর্য ভাষাসমূহত ভিতৰত প্রথম ৰচনা কি?
উত্তৰঃ আধুনিক ভাৰতীয় আর্য ভাষাসমূহত ভিতৰত প্রথম ৰচনা মাধৱ কন্দলিৰ 'ৰামায়ণ'।
৭) ৰাৱণৰ মাতৃৰ নাম কি আছিল?
উত্তৰঃ ৰাৱণৰ মাতৃৰ নাম নৈকেষী আছিল।
(খ) চমু প্রশ্নঃ
১। নৈকেষী কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠাইছিল?
উত্তৰঃ নৈকেষী লংকাধিপতি ৰাৱণৰ মাতৃ।
ৰাৱণৰ মাতৃ নৈকেষীয়ে ৰামৰ লাংকা অভিযান তথা বীৰত্ব আৰু ৰাৱণৰ ভয়ংকৰ বিপদৰ কথা বিভীষণৰ আগত ব্যক্ত কৰি ৰাৱণক সুপথলৈ আনিবৰ বাবে বিভীষণক ৰাজসভালৈ পঠাইছিল।
2) 'নাগপাশ' কি? হনুমানক কোনে, কি কারণে নাগপাশেষে বন্দী কবি মৈছিল?
উত্তৰঃ 'নাগপাশ হৈছে পুৰণিকালত ৰণত শত্রুক বন্ধা কৰা সাপৰ নিচিনা জৰী।
হনুমানে যেতিয়া ৰামৰ আদেশ ক্রমে সীতাৰ সন্ধানত লংকা নগৰীত প্রৱেশ কৰিছিল তেতিয়া হনুমানক প্রতিহত কৰিবলৈ অনেক চেষ্টা কৰিও ৰাৱণৰ সৈন্যসকল বিফল হৈছিল। অৱশেষত হনুমানে সীতাক দেখা পাইছিল আৰু সকলো সৈন্য-সামন্তকে বধ কৰিছিল। শেষত হনুমানক প্ৰতিহত কৰাৰ বাবে ৰাৱণ পুত্ৰ ইন্দ্ৰজিতে যুঁজিবলৈ আৰম্ভ কৰিছিল। হনুমানক পৰাস্ত কৰাৰ কৌশল হিচাপে ইন্দ্ৰজিতে নাগপাশেৰে হনুমানক বন্দী কৰি থৈছিল।
৩) হনুমানে কি দৰে লংকা নগৰীত জুই লগাইছিল।
উত্তৰঃ ৰাম ভক্ত হনুমানে সীতাৰ সন্ধানত যেতিয়া লংকা নগৰীত প্রৱেশ কৰিছিল, তেতিয়া লংকেশ্বৰ ৰাৱণৰ সৈন্য সকলে হনুমানৰ লগত যুঁজি পৰাস্ত হৈছিল। শেষত ৰাৱণ পুত্র ইন্দ্রজিতে হনুমানৰ লগত যুদ্ধ কৰি নাগ-পাশেষে হনুমানক বন্দী কৰি পেলাইছিল। হনুমানক মৃত্যুদণ্ড নিদি শাস্তি হিচাপে নেগুৰত জুই লগাই দিছিল আৰু হনুমানে সেই নেগুৰৰ জুইয়ে সেই লংকা নগৰী পুৰি পেলাইছিল।
(গ) দীঘল প্রশ্নঃ
২) সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল?
উত্তৰঃ সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে বানৰ ৰজা সুগ্রীৱৰ সহায় লৈছিল।
কিষ্কিন্ধাৰ ৰজা বালিক বধ কৰি সুগ্ৰীৱে ৰাজ সিংহাসন দখল কৰিছিল। ৰামৰ সহায় অবিহনে সুগ্ৰীৱৰ জয় সম্ভব নাছিল। সেয়েহে বালিক বধ কৰি সুখীৱক ৰজা পাতিছিল আৰু সুগ্ৰীৱৰ লগত মিত্রতা স্থাপন কৰিছিল সীতাক যেতিয়া ৰাৱণে হৰণ কৰি অশোক বনত বন্দী কৰি ৰাখিছিল তেতিয়া ৰামে সুগ্ৰীৱক সসা ৰূপে লৈ সীতাক উদ্ধাৰৰ বাবে প্রস্তুতি চলাইছিল। সুগ্রীৱৰ সৈন্য অর্থাৎ বানব বাহিনীৰ সহায়ত সাগৰত শিলেৰে সেতু নিমাৰ্ণ কৰি ৰাম সুগ্রীৱ সহিতে লংকাত প্রৱেশ কৰিছিল। শেষত জগদ্ধিক্ষস্যা তপস্বী পুৰুষ ৰামে ৰাৱণক পৰাজিত কৰি সীতাক উদ্ধাৰ কৰিছিল।
৩) কবিতাটিৰ মাজেৰে প্রকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা।
উত্তৰঃ তপস্বী পুৰুষ ৰামৰ একান্ত ভক্ত বিভীষণ লংকেশ্বৰ পৰাক্রমী ৰাৱণৰ
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps

Comments
Post a Comment