Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
ধনবৰ আৰু ৰতনী | Class 11 Assamese Chapter 12 All Questions and Answers | Class 11 Assamese Chapter 12 All Questions and Answers AHSEC |

(ক) অতি চমু প্রশ্নঃ
১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখন হ'ল- কদমকলি।
২) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম 'মোৰ জীৱন সোঁৱৰণ'।
৩) অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কাক কোৱা হয়?
উত্তৰঃ অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি লক্ষ্মীনাথ বেজবৰুৱাদেৱক কোৱা হয়।
৪) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা চুটিগল্পৰ পুথি এখন হ'ল- 'সুৰভি'।
৫) 'বাঁহী' আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰঃ 'বাঁহী' আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাদেৱে সম্পাদনা কৰিছিল।
(খ) চমু প্রশ্ন
১) মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?
উত্তৰঃ মালিতা হৈছে এবিধ আখ্যানমূলক গীত।
ইংৰাজীত ইয়াক বেলাড (Ballad) বুলি কোৱা হয়।
২। ধনবৰ আৰু ৰতনী কোন?'
উত্তৰঃ কবিতাটোত বৰ্ণনা কৰা অনুসৰি ধনবৰ আৰু ৰতনী এহাল প্রেমিক-প্রেমিকা। দুয়োৰে বয়স ষোল্ল বছৰ।
৩) "বোপাই মোৰ ধনবৰ
উত্তৰঃ ৰতনীৰ অনুপস্থিতিত বেজাৰ সহিব নোৱাৰি ধনবৰে এনেদৰে কৈছিল।
৪) "ৰতনীক তুলিলে মাকে বাপেকে
ধনাইৰ কালশতৰু কৰি "
- ৰতনীক কিয় ধনাইৰ কালশতৰু বুলি কোৱা হৈছে?
উত্তৰঃ ৰতনীয়ে ধনবৰ হৃদয় শূণ্য কৰি গুচি গ'ল। ৰতনী অবিহনে ধনবৰ জীয়াই থাকিবলৈ অপাৰগ। ৰতনীয়ে ক্ষন্তেকৰ বাবে আহি ধনবৰৰ মনত শোকৰ সৃষ্টি কৰি থৈ গল সেইবাবে ৰতনীক ধনাইৰ কালশতৰু বুলি কোৱা হৈছে।
৫) "পাৰতে কান্দিছে ধনবৰ দুখীয়া”-ধনবৰে কিয় কান্দিছে?
উত্তৰঃ ধনবৰ আছিল ভিকহুৰু ভিকহু সেইবাবে ধনবৰৰ বাবে ৰতনীয়ে আছিল সৰ্বোচ্চ যেতিয়া ৰতনীয়ে ধনবৰক এৰি থৈ গৈছিল তেতিয়া বীৰহত ধনবৰে লুইতৰ পাৰত বহি কান্দি আছিল।
(গ) দীঘল প্ৰশ্ন
৪) প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা।
(ক) গঙাতে উৰিলে ঐ গঙাৰে চিলনী,
বালিতে উৰিল ঐ ঘোঁৰা,
সেন্দুৰী টিঙতে বহি উটি গ'লে
ৰতনী ধনাইৰে পৰা।
উত্তৰঃ উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তর্গত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা বিৰচিত 'ধনবৰ আত ৰতনী' নামৰ কবিতাটিৰ পৰা ব্যাখ্যাৰ্থে তুলি অনা হৈছে।
কবিতা ফাঁকিৰ মাজেদি ৰতনীয়ে ধনবৰক এৰি গোচী যোৱাত ধনবৰৰ মনৰ শোক প্রকাশ পাইছে।
ধনশিৰি মুখৰ ৰতনী কেইদিন মানৰ বাবে দিখৌমুখৰ ধনবৰৰ ঘৰলৈ আহিছিল সেই সময়তে দুয়োৰে মাজত প্রেমৰ উন্মেষ হয়। ধনবৰৰ হৃদয়ত ৰতনীয়ে এনেকৈ ঠাই ল'লে যে ৰতনী অবিহনে ধনবৰে নিজৰ জীৱন মিছা বুলি অনুভৱ কৰিলে। সি তাইক নিজৰ কৰি পাবলৈ বিয়াকুল হৈ পৰিল। কিন্তু হঠাৎ এদিন বাধ্যত পৰি মাক-দেউতাকৰ সৈতে ৰতনী সেন্দুৰে বোলোৱা নাৱৰ টিঙত উঠি ধনবৰ জীৱনৰ পৰা গুচি গৈছিল। যিদৰে গঙা নদীৰ উপৰেদি গঙা চিলনী উৰি যায়, বালিৰ ওপৰেদি বালিঘোৰা উৰি যায় ঠিক তেনেদৰে ৰতনীও তাৰ জীৱনৰ পৰা আঁতৰি গ'ল। কবিতা ফাঁকিৰ জৰিয়তে এই শোক প্ৰকাশ কৰা হৈছে।
(খ) ফুটুকাৰ তলতে যখিনী ছোৱালী
টুকটুক্ চাপৰি বায়
ধনাইৰে ছাঁতে ৰতনী নাই ঐ
কোনে তাৰ মুখলৈ চায়।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তর্গত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা বিৰচিত 'ধনবৰ আত ৰতনী' নামৰ কবিতাটিৰ পৰা ব্যাখ্যাৰ্থে তুলি অনা হৈছে।
ধনবৰৰ জীৱনৰ পৰা ৰতনী আঁতৰি যোৱাত তাৰ মুখলৈ চাওঁতা যে কোনো নোহোৱা হ'ল সেই কথা বিলাপেৰে উক্ত কবিতাফাঁকিৰ মাজেৰে ব্যক্ত কৰিছে।
হাবিত থকা ফুটুকাতলিত যখিনী ছোৱালীবোৰে টুকটুকৈ চাপৰি বজাই সিহঁতৰ মনৰ আনন্দ প্রকাশ কৰে। ফুটুকাতলিয়ে সিহঁতৰ আনন্দ প্রকাশৰ ঠাই কিন্তু সিহঁতে পৰস্পৰে পৰস্পৰ লগত আনন্দ কৰাৰ দৰে আনন্দ কৰিবলৈ ধনবৰ কোনো নাই কাৰণ তাৰ একমাত্ৰ লগৰী ৰতনী মাক বাপেকৰ সৈতে তাক অকলশৰীয়া কৰি থৈ নিজৰ ঘৰলৈ ভটিয়াই গ'লগৈ। ধনবৰে জানে যে তাই আৰু কোনো দিন উভতি নাহে। সেয়েহে প্রকৃতি এই প্রাণীবোৰৰ ৰং আনন্দ বিপৰীতে তাৰ অকলশৰীয়া জীৱনৰ কথা উপলব্ধি কৰি সি দুখ কৰিছে। তাৰ যে মুখলৈ চাওঁতা কোনো নাই সি ভাল দৰে উপলব্ধি কৰিছে।
অতিৰিক্ত প্ৰশ্ন
১) লক্ষ্মীনাথ বেজবৰুৱাৰ দেৱৰ কেতিয়া ক'ত জন্ম হয়?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ১৮৬৪ চনত অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত জন্ম হয়।
২) লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ পিতৃৰ নাম ফি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা।
৩) লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ বেজবৰুৱা দেৱৰ দুখন কবিতা পুথি হৈছে-
'কদমকলি' আৰু 'পদুমকলি'।
৪) লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ উপন্যাসৰ নাম লিখা।
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ উপন্যাসৰ নাম 'পদুমকুৱঁৰী'।
৫) ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা চুটিগল্পৰ পুথিৰ নাম লিখা।
উত্তৰঃ বেজবৰুৱাদেৱে ৰচনা কৰা কেইখনমান উল্লেখযোগ্য চুটিগল্পৰ নাম হ'ল- 'সুৰভি', 'সাধুকথাৰ কুঁকি', 'জোনবিৰি', 'কেঁহোকলি'।
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment