Skip to main content

Featured

কিতাপৰ কথা | Class 11 Assamese Chapter 4 All Questions and Answers | Class 11 Assamese Chapter 4 All Questions and Answers AHSEC |

 কিতাপৰ কথা



(ক) অতি চমু প্রশ্ন

১) ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ?

উত্তৰঃ ছপাখানা আৰু কাগজ আৱিষ্কাৰ চিন দেশৰ আৱিষ্কাৰ।

2। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে?

উত্তৰঃ গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে।

৩। ইংৰাজী দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল?

উত্তৰঃ ইংৰাজী দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা এইদৰে দিয়ে যে- "কিছুমান কিতাপৰ সোৱাদ ল'ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব। 

৪) বিদ্যাৰ অনুশীলন নহ'লে কি হয়? 

উত্তৰঃ বিদ্যাৰ অনুশীলন নহ'লে মানুহৰ মন ভীৰুতা আৰু কু-সংস্কাৰে আৱৰি থাকে।

৫) কিতাপ আকে কিতাপ অধ্যয়নৰ বিষয়ে বিদেশীত প্রচলিত এটি যোজনা লিখা।

উত্তৰঃ বিদেশত প্রচলিত এটি যোজন হ'ল- যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা।


Comments