Skip to main content

Featured

Let's Write a Story | Class 5 English Lesson 5 Question Answer

Let's Write a Story 1. Answer the following questions. Pick words from the box below to complete the answers. You may choose a word more than once: grazing,  roaming,  presence,  runs,  away save,  bush,  sadly,  tiger,  alert,  deer a) What is there in the first picture? There is a .................. the forest. Ans: There is a tiger in the forest. b) What do you see in the second picture? There is a deer ................... in the forest. Ans: There is a deer grazing in the forest. c) What happens in the third picture? The tiger sees a deer...............  .  Ans: The tiger sees a deer roaming . d) What does the tiger do in fourth picture? The..................crawls quietly towards the.............  Ans: The tiger crawls quietly towards the deer . e) What does the deer do in the fifth picture? The deer becomes................ He looks here and there and feels  the..........  the tiger. Ans: The deer becomes aler...

অসমৰ পুৰণি খেল-ধেমালি | Class 11 Assamese Chapter 7 All Questions and Answers | Class 11 Assamese Chapter 7 All Questions and Answers AHSEC |

অসমৰ পুৰণি খেল-ধেমালি



(ক) অতি চমু প্রশ্নঃ

১। 'বিহু আকৌ আহিল' গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ 'বিহু আকৌ আহিল' নামৰ গ্রন্থখন প্রবীণ সাহিত্যক হেম বৰগোহাঞিয়ে ৰচনা কৰিছিল।

২) প্রথম আহোম ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ প্রথম আহোম ৰজাজনৰ নাম চ্যুকাফা।

৩) ক্রীড়া কি?

উত্তৰঃ ক্রীড়া হ'ল এক আনন্দ, শাৰীৰিক আৰু মানসিক সক্ষমতাৰ চূড়ান্ত প্রকাশ।

৪) বিশ্বৰ সবাতোকৈ জনপ্রিয় ফুটবল খেলক দিনত তাহানি কি আখ্যা দিছিল।

উত্তৰঃ বিশ্বৰ সবাতোকৈ জনপ্রিয় ফুটবল খেলক চীনত তাহানি ছু-চু আখ্যা দিছিল।

৫) চীনত ছু-চু খেলৰ প্রচলন থকাৰ সময়ত অসমত কি কি খেলক প্রচলন আছিল?

উত্তৰঃ চীনত ছু-চু খেলৰ প্রচলন থকাৰ সময়ত অসমত কণী যুঁজ, কড়ি খুঁজ খেলৰ প্রচলন আছিল।

(খ) চমু প্রশ্ন

১। ঢোপ খেলৰ প্রচলন ক'ত, কেনেকৈ হৈছিল বর্ণনা কৰা।

উত্তৰঃ আহোম যুগৰ আৰু এবিধ জনপ্রিয় খেল হ'ল- ঢোপ।'ব্রিটিছ 'ৰাজত্বৰ শেষছোৱাত তেজপুৰৰ পৰা আঠ কিলোমিটাৰ দূৰৰ মদপীৰ ঢেকেৰিপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল।

2) বৰপেটা অঞ্চলত প্রচলিত থলুৱা খেল সমূহ কি কি?

উত্তৰঃ বৰপেটা অঞ্চলত প্রচলিত থলুৱা খেল সমূহ হলে - গন্ধ হাউ, লালী, ফূৰ্তি বা গোল্লা, হাফলা, ঘিলা, ৰছী টনা, কুকুৰা যুঁজ, টাংগুটি, ভটাগুটি, মুঠি ভটা, বাঘবোল, মংগল পাঠা, হাতবল, বৈঠা বল, তিনি ঠেঙীয়া দৌৰ, টেকেলি ভঙা, গছ কপটি, থাটি কপটি আদি।

৩) ৰং ঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেল সমূহৰ নাম লিখা।

উত্তৰঃ ৰং ঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেল সমূহৰ নাম হ'ল- ম'হ যুঁজ, বাঘ-ভালুকৰ যুঁজ, হাতী যুঁজ আদি।

৪) ইণ্ডিজেনাছ গেমছ্ কোনে, ক'ত, কেতিয়া অনুষ্ঠিত কৰিছিল?

উত্তৰঃ ইণ্ডিজেনাছ গেমছ্ ভাৰতীয় ক্রীড়া প্রাধিকৰণ অথবা ছাই শিৱসাগৰৰ ঐতিহ্য মণ্ডিত ৰংঘৰৰ বাকৰিত ১৯৮৯ চনত অনুষ্ঠিত কৰিছিল।

৫) 'ফুল-ফুলতী' খেল কিদৰে খেলা হয়, পাঠৰ আধাৰত লিখা। 

উত্তৰঃ 

Comments