Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
হস্তিবিদ্যাৰ্ণৱ || Class 12 Assamese Chapter 4 All Questions and Answers || হস্তিবিদ্যাৰ্ণৱ পাঠটোৰ সকলো প্ৰশ্ন আৰু উত্তৰ ||
হস্তিবিদ্যাৰ্ণৱ

আর্হি প্রশ্ন:
(ক) অতি চমু প্রশ্ন: (প্রতিটো প্রশ্নৰ মূল্যাংক ১)
১। 'হস্তিবিদ্যার্ণৱ পুথি' শীর্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ 'হস্তিবিদ্যার্ণৱ পুথি' শীর্ষক পাঠটি যোগেন্দ্ৰনাৰায়ণ ভূঞা সম্পাদিত 'সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ' নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। 'হস্তিবিদ্যার্ণৱ পুথি' শীর্ষক প্রবন্ধটি প্রথমতে ক'ত প্রকাশ পাইছিল?
উত্তৰঃ 'হস্তিবিদ্যার্ণৱ পুথি' শীর্ষক প্রবন্ধটি প্রথমতে শুক্লেশ্বৰ বৰা সম্পাদিত 'জয়ন্তী' আলোচনীত প্ৰকাশ পাইছিল।
৩। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি?
উত্তৰঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম হʼল- ড° সূৰ্যকুমাৰ ভূঞা।
৪। সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।
উত্তৰঃ সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম হ'ল- Anglo-Assamese Relations 1771-1826 ।
৫। 'হস্তিবিদ্যার্ণৱ সাৰ সংগ্ৰহ' পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ 'হস্তিবিদ্যার্ণৱ সাৰ সংগ্ৰহ' পুথিখন সুকুমাৰ বৰকাথে ৰচনা কৰিছিল।
(খ) চমু প্রশ্ন: (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। 'হস্তিবিদ্যার্ণৱ সাৰ সংগ্ৰহ' পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?
উত্তৰঃ 'হস্তিবিদ্যার্ণৱ সাৰ সংগ্ৰহ' পুথিখন সুকুমাৰ বৰকাথে ১৬৫৬ শকত, অৰ্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।
২। পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম লিখা।
উত্তৰঃ পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম হ'ল- ধৰ্মপুৰাণ আৰু সচিত্ৰ ভাগৱত।
৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ দিলবৰ আৰু দোষায়ে অংকন কৰিছিল।
8। হস্তিবিদ্যার্ণৱ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে?
উত্তৰঃ হস্তিবিদ্যার্ণৱ পুথিত গ্ৰন্থকাৰ, দুজনা চিত্ৰকৰ, স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছে।
৫। হস্তিগ্রন্থ বুলিলে কি বুজা?
উত্তৰঃ যিবোৰ গ্ৰন্থত হাতীৰ বিষয়ে বিশদ বিৱৰণ যেনে- হাতীক শিকোৱা, হাতীৰ চকঁ ভঙ্গা, হাতীৰ ব্যাধিৰ প্ৰতিকাৰ আদি পোৱা যায় তেনেবোৰ গ্ৰন্থক হস্তিগন্থ বোলে।
(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা।
উত্তৰঃ মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্ৰ-বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদিক বিষয়ে হিচাপে লৈ ৰচিত ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক 'ব্যৱহাৰিক সাহিত্য' বোলে।
২। ড° সূর্যকুমাৰ ভূঞাৰ সাহিত্য প্রতিভা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ
৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া
উত্তৰঃ
৪। 'মংগলদায়ক হাতী'ৰ লক্ষণ সম্পর্কে হস্তিবিদ্যাৰ্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।
উত্তৰঃ
৫। হস্তিবিদ্যার্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment