Skip to main content

Featured

Let's Write a Story | Class 5 English Lesson 5 Question Answer

Let's Write a Story 1. Answer the following questions. Pick words from the box below to complete the answers. You may choose a word more than once: grazing,  roaming,  presence,  runs,  away save,  bush,  sadly,  tiger,  alert,  deer a) What is there in the first picture? There is a .................. the forest. Ans: There is a tiger in the forest. b) What do you see in the second picture? There is a deer ................... in the forest. Ans: There is a deer grazing in the forest. c) What happens in the third picture? The tiger sees a deer...............  .  Ans: The tiger sees a deer roaming . d) What does the tiger do in fourth picture? The..................crawls quietly towards the.............  Ans: The tiger crawls quietly towards the deer . e) What does the deer do in the fifth picture? The deer becomes................ He looks here and there and feels  the..........  the tiger. Ans: The deer becomes aler...

কৰুণতম || Class 12 Assamese Chapter 8(Poem) All Questions and Answers || কৰুণতম কবিতাটোৰ সকলো প্ৰশ্ন আৰু উত্তৰ

 কৰুণতম



আর্হি প্রশ্ন:

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক - ১)

১। নিৰ্মলপ্রভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম লিখা।

উত্তৰঃ নিৰ্মলপ্রভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম 'বনফৰিঙৰ ৰং' ।

২। নিৰ্মলপ্রভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে?

উত্তৰঃ নিৰ্মলপ্রভা বৰদলৈয়ে 'সুদীৰ্ঘ দিন আৰু ঋতু'ৰ নামৰ পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে।

৩। 'কৰুণতম' কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে।

উত্তৰঃ 'কৰুণতম' কবিতাটো কবিৰ 'দিনৰ পিছত দিন' নামৰ পুথিত সংকলিত হৈছে।

৪। 'কৰুণতম' কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ 'কৰুণতম' আধুনিক শ্ৰেণীৰ কবিতা।

৫। নিৰ্মলপ্রভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্য লিখা।

উত্তৰঃ নিৰ্মলপ্রভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্য হৈছে- নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ তেওঁৰ কবিতাৰ অন্যতম বৈশিষ্ট্য।

(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)

১। নিৰ্মলপ্রভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ নিৰ্মলপ্রভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম হ'ল- 'বনফৰিঙৰ ৰং', 'দিনৰ পাছত দিন' আৰু 'অন্তৰ'।

২। নিৰ্মলপ্রভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা।

উত্তৰঃ নিৰ্মলপ্রভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম হ'ল- 'সোণবৰণীয়া আই' আৰু 'সুৰীয়া মাত।

৩। নিৰ্মলপ্রভা বৰদলৈৰ গবেষণামূলক গ্রন্থ তিনিখনৰ নাম লিখা।

উত্তৰঃ নিৰ্মলপ্রভা বৰদলৈৰ গবেষণামূলক গ্রন্থ তিনিখনৰ নাম হ'ল- 'দেৱী', 'শিৱ' আৰু 'সূৰ্য্য'।

৪। 'কৰণতম' আৰু 'সুবাস' শব্দ দুটাৰ অৰ্থ লিখা।

উত্তৰঃ 'কৰণতম' শব্দৰ অৰ্থ হ'ল দুখময় আৰু 'সুবাস' শব্দৰ অৰ্থ হ'ল ভাল গোন্ধ।

৫) 'কৰুণতম' কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ 

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। 'কৰণতম' কবিতাৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰঃ 

২। 'কৰুণতম' কবিতাত কবিৰ পিতৃ-মাতৃৰ প্রতি গভীৰ শ্রদ্ধা প্রকাশ পাইছে নেকি বিচাৰ কৰা।

উত্তৰঃ 

৩। 'কৰুণতম' কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্রকাশ পাইছে বিচাৰ কৰা।

উত্তৰঃ 

৪। 'কৰুণতম' কবিতাত প্ৰকাৰান্তৰে গ্রাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্র অংকন হোৱা বুলি ক'ব পাৰি নেকি বিচাৰ কৰা।

উত্তৰঃ 

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

মই মোক

মোৰ সন্তানৰ কাৰণে

ক'ত থৈ যাম

ক'ত??

উত্তৰঃ 

Comments