Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
পখী আৰু মানুহ | Class 5 Assamese Chapter 2 All Questions and Answers | Class 5 Assamese Chapter 2 All Questions and Answers SCERT |
পখী আৰু মানুহ

১। উত্তৰ দিয়া।
(ক) সর্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল?
উত্তৰঃ সৰ্বধনু চিকাৰপ্ৰিয় ৰজা আছিল।
(খ) সর্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল?
উত্তৰঃ সর্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মঙহ।
(গ) সাধুটোত মানুহৰ উপকাৰী প্রাণী বুলি কাক কোৱা হৈছে?
উত্তৰঃ সাধুটোত মানুহৰ উপকাৰী প্রাণী বুলি চৰাইক কোৱা হৈছে।
(ঘ) মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি?
উত্তৰঃ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী।
(ঙ) মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল?
উত্তৰঃ
২। কোনে, কাক, কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা।
(ক) 'আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক।'
উত্তৰঃ উক্ত কথাষাৰ মধুকৰে ৰজা সৰ্বধনুক কৈছিল। যেতিয়া ৰজা সৰ্বধনুৱে চৰাইৰ চিকাৰ কৰিবলৈ আহিছিল। কাৰণ, চৰাই হৈছে খেতিয়কৰ পৰম বন্ধু। চৰাই নহ'লে পথাৰৰ শইচ কীট-পতংগবোৰে নষ্ট কৰি পেলাব। ফলত মানুহৰ বাবে আহাৰৰ নাটনি হʼব আৰু দেশত দুৰ্ভিক্ষৰ দেখা দিব।
(খ) 'এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন-পালন কৰিব।'
উত্তৰঃ
কাৰণ দৰ্শোই লিখা।
(ক) সর্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল?
উত্তৰঃ
(খ) কীট-পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে?
উত্তৰঃ
(গ) মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল?
উত্তৰঃ
২। ৰজা সর্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰ পাছত তেওঁৰ কি হৈছিল? বুজাই লিখা।
উত্তৰঃ ৰজা সর্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হʼল।
৩। তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা।
(ক) সর্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল।
(খ) ৰজা সর্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল।
(গ) কীট-পতংগবোৰে খেতি-বাতি ৰক্ষা কৰে।
(ঘ) ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে।
উত্তৰঃ (ক) সর্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল।
(খ) ৰজা সর্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল।
(গ) কীট-পতংগবোৰে খেতি-বাতি নষ্ট কৰে।
(ঘ) ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে।
৪। বিপৰীত লিংগ বুজোৱা শব্দ লিখা।
উদাহৰণ- ৰজা-ৰাণী
যুৱক-
ল'ৰা-
দৰা-
বন্ধু-
উত্তৰঃ ৰজা-ৰাণী
যুৱক- যুৱতী
ল'ৰা- ছোৱালী
দৰা- কইনা
বন্ধু- বান্ধৱী
৫। শব্দবোৰ ভাঙি দেখুওৱা।
পদ শব্দ বিভক্তি
উদাহৰণ- মধুকৰে মধুকৰ +এ
যুৱকে যুৱক +এ
মানুহে মানুহ +এ
চৰাইজাকক চৰাইজাক +অক্
ৰজাক ৰজা +অক্
কাঁড়েৰে কাড়ে +এৰে
দেশলৈ দেশ +লৈ
৬। বিপৰীত অর্থবোধক শব্দ লিখা।
প্রিয়, ভয়, বন্ধু, সুফল, অনুচিত, পুৰস্কাৰ, অপকাৰীঅমংগল, অনুপস্থিত
উত্তৰঃ প্রিয়- অপ্ৰিয়
ভয়- অভয়
বন্ধু- বান্ধৱী
সুফল- বিফল
অনুচিত- উচিত
পুৰস্কাৰ- তিৰস্কাৰ
অপকাৰী- উপকাৰী
অমংগল-মংগল
অনুপস্থিত- উপস্থিত
৭। বাক্য ৰচনা কৰা।
আদৰ-সাদৰ
লালন-পালন
খেতি-বাতি
চৰাই-চিৰিকটি
গছ-গছনি
কীট-পতংগ
উত্তৰঃ আদৰ-সাদৰ- ঘৰত আলহী আহিলে আদৰ-সাদৰ কৰিব লাগে।
লালন-পালন- ছাগলী পোৱালীটো ৰহিমে লালন-পালন কৰি ডাঙৰ-দীঘল কৰিলে।
খেতি-বাতি- খেতি-বাতি কৰি বহুতো নিবনুৱা লʼৰা স্বাবলম্বী হৈছে।
চৰাই-চিৰিকটি- চৰাই-চিৰিকটিয়ে পোক-পতংগ খাই খেতিয়কক সহায় কৰে।
গছ-গছনি- গছ-গছনিয়ে পৰিৱেশৰ ভাৰাসাম্য ৰক্ষা কৰে।
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment