Skip to main content

Featured

পিঠাৰ মেল | Class 5 Assamese Chapter 4 All Questions and Answers | Class 5 Assamese Chapter 4 All Questions and Answers SCERT |

 পিঠাৰ মেল


১।কোনে, কাক, কি প্রসংগত কৈছে?

(ক) "এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত।"

উত্তৰঃ "এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত।" বুলি চুঙা পিঠাই খোলাচাপৰীয়া পিঠাক কৈছে। কাৰণ অকণমানিহতে আজিকালি চাহ, বিচকুট আৰু লুচি বাহিৰে পিঠাক চিনি নাপায়।

(খ) "কিয় কৱ তেনে দুখ লগা কথা?"

উত্তৰঃ উক্ত কথাষাৰ সুতুলীৱে চুঙা পিঠাক কৈছিল যেতিয়া চুঙা পিঠাই খোলাচাপৰীয়া পিঠাক এই দেশত সিহঁতৰ আৰু বেছি দিন ভাত নাই বুলি কয়।

(গ) "লাৰু আৰু পিঠাবোৰক হায় ঘিণৰ চকুৰে চায়।”

উত্তৰঃ উক্ত কথাষাৰ ফেনি পিঠাই সুতুলী পিঠাক কৈছিল যেতিয়া সুতুলী পিঠাই চুঙা পিঠাক দুখলগা কথা ক'বলৈ বাধা কৰিছিল।

২। তলৰ খালী ঠাইত বাকচত থকা উপযুক্ত শব্দেৰে পূৰোৱা-

ভঁৰালী, কোঠা, উৰুকা, পাচি, ঘপৰাই, ঘোৰ অপমান, হঠাৎ, ঘিণ 

উদাহৰণ- অতি অসম্মান/অৱমাননা- ঘোৰ অপমান

অকস্মাৎ

বিহুৰ আগদিনা

শস্য আদি থ'বৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি

লৰালৰিকৈ কৰা কাৰ্য

ঘৃণা, ভাল নোপোৱা

বস্তু সামৰি থোৱা কোঠা

 উত্তৰঃ অকস্মাৎ- হঠাৎ 

বিহুৰ আগদিনা- উৰুকা 

শস্য আদি থ'বৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি- পাচি

লৰালৰিকৈ কৰা কাৰ্য- ঘপৰাই 

ঘৃণা, ভাল নোপোৱা- ঘিণ 

বস্তু সামৰি থোৱা কোঠা- ভঁৰালী কোঠা

৩। উত্তৰ লিখা।

(ক) খোলাচাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল?

উত্তৰঃ খোলাচাপৰীয়া পিঠাক চুঙা পিঠাই বাই বুলি সম্বোধন কৰিছিল।

(খ) কি কি পিঠাই 'পিঠাৰ মেল' ত ভাগ লৈছিল?

উত্তৰঃ চুঙা পিঠা, খোলাচাপৰিয়া পিঠা, সুতুলী পিঠা আৰু ফেনি পিঠাই 'পিঠাৰ মেল' ত ভাগ লৈছিল।

(গ) অকমানিয়ে পিঠা, লাৰুৰ সলনি কি কি খাবলৈ বিচাৰে?

উত্তৰঃ অকমানিয়ে পিঠা, লাৰুৰ সলনি লুচি, বিস্কুট, চাহ আৰু ৰসৰ গোল্লা খাবলৈ বিচাৰে।

৪। নাওখনত দিয়া অব্যয় পদেৰে তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা।

এতেকে,গতিকে, নাইবা, যিহেতু, দেখোন, কিন্তু,আৰু বা

(ক) ৰমলা _________ ৰহিমলা দুয়ো বাই-ভনী।

(খ) বিদ্যাই পৰম ধন __________মনোযোগেৰে পঢ়া-শুনা কৰিব লাগে। 

(গ) এটা ঘৰ__________ এখন চকীৰ ছবি আঁকা।

(ঘ) কাহিনী শুনিও_________ ৰস পোৱা যায়।

(ঙ) মই আজি খেলিবলৈ নাযাওঁ________ কাইলৈ মোৰ পৰীক্ষা আছে।


Comments