Skip to main content

Featured

ডক্টৰ বাণীকান্ত কাকতি | Class 5 Assamese Chapter 5 All Questions and Answers | Class 5 Assamese Chapter 5 All Questions and Answers SCERT |

 ডক্টৰ বাণীকান্ত কাকতি


১। উত্তৰ দিয়া।

(ক) নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে?

উত্তৰঃ নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে।

(খ) বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্ম-নিয়োগ কৰিছিল?

উত্তৰঃ বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল।

(গ) নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে?

উত্তৰঃ নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে।

(ঘ) তেখেতে কি চিকিৎসা কৰিছিল?

উত্তৰঃ তেখেতে হোমিওপেথিক চিকিৎসা কৰিছিল।

(ঙ) বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্রী লাভ কৰা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্রী লাভ কৰা গ্ৰন্থখনৰ নাম 'আছামিছ, ইটচ্ ফৰ্মেচন এণ্ড ডেভেলপমেণ্ট'।

২। অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থ লিখা।

উত্তৰঃ ঈৰ্ষা-পৰায়ণ   - যি আনৰ উন্নতি বা সুখ সহ্য।                                          কৰিব নোৱাৰে।

আয়ত্ত   - দখললৈ অনা কাৰ্য।

সাধনা    - সিদ্ধি লাভৰ কাৰণে কৰা একাগ্ৰ প্ৰচেষ্টা।

থতমত্    - বিবুধি হোৱা অৱস্থা।

পৰিস্থিতি  - চাৰিওফালৰ অৱস্থা।

নিষ্ঠা      - শ্ৰদ্ধা।

একান্ত     - একাগ্ৰ।

সুখ্যাতি    - সুনাম।

আত্মনিয়োগ - স্বনিযুক্তি।

প্ৰবল    - শক্তিশালী।

চৰ্চা     - কোনো বিষয়ৰ আলোচনা।

গতি-গোত্ৰ    -    মতি-গতি।

৩। তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা।

নিষ্ঠা____=________+________

বিজ্ঞানী______=________+_______

ডক্টৰ_________=_________+________

উত্তৰঃ নিষ্ঠা- ষ্ঠ= ষ+ঠ

বিজ্ঞান- জ্ঞ= জ+ঞ

ডক্টৰ- ক্ট= ক+ট

৪। তলৰ আঁচ টনা শব্দবোৰৰ সলনি ব্যক্তিবাচক সর্বনাম পদ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখা।

(ক) ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা-বিজ্ঞানী আছিল।

উত্তৰঃ তেখেতে এগৰাকী ভাষা-বিজ্ঞানী আছিল।

(খ) ৰহিমে পঢ়া-শুনা মনোযোগেৰে কৰে।

উত্তৰঃ সি পঢ়া-শুনা মনোযোগেৰে কৰে।

(গ) নীলাই গান গাই ভাল পায়।

উত্তৰঃ তাই গান গাই ভাল পায়।

৫। বাক্য ৰচনা কৰা।

উত্তৰঃ

সহজ-সৰলভাৱে: আইতাই মোক সাধুটো বৰ সহজ-সৰলভাৱে বুজাই দিলে।

​প্ৰবল: বতাহৰ প্ৰবল বেগত গছজোপা বাগৰি পৰিল।

​চিকিৎসা: বেমাৰ হ'লে আমি ডাক্তৰৰ ওচৰলৈ চিকিৎসা কৰিবলৈ যাওঁ।

​দৃঢ়মনা: লাচিত বৰফুকন এজন দৃঢ়মনা বীৰ আছিল।

আঁতিগুৰি: মই সাধুটোৰ আঁতিগুৰি সকলো জানো।

​কৌতুক-প্ৰিয়: আমাৰ ককাদেউতা বৰ কৌতুক-প্ৰিয় মানুহ।

​জোকৰ মুখত চুণ: ছাৰৰ গালি শুনি দুষ্ট ল'ৰাটোৰ অৱস্থা একেবাৰে জোকৰ মুখত চুণ পৰা যেন হ'ল।

থতমত্ খা: হঠাতে বাটত সাপ এটা দেখি মই থতমত্ খা গ'লোঁ।

৬। এটা শব্দত প্রকাশ কৰোঁ আহা

(ক) যি শিক্ষাদান কৰে

(খ) যি ৰোগীক চিকিৎসা কৰে

(গ) যি ভাষা চর্চা কৰে

(ঘ) একে সময়তে হোৱা

(ঙ) একান্ত মনে চিন্তা কৰা

(চ) যি শিক্ষা গ্রহণ কৰে।

উত্তৰঃ (ক) যি শিক্ষাদান কৰে      শিক্ষক

(খ) যি ৰোগীক চিকিৎসা কৰে      চিকিৎসক

(গ) যি ভাষা চর্চা কৰে                 সাহিত্যিক 

(ঘ) একে সময়তে হোৱা              সমসাময়িক 

(ঙ) একান্ত মনে চিন্তা কৰা            ধ্যান

(চ) যি শিক্ষা গ্রহণ কৰে                শিক্ষাৰ্থী 

৭। বিপৰীত অর্থ বুজোৱা শব্দ লিখা।

জ্ঞান, সৰল, সাধাৰণ, চোকা, ৰোগী, সুখ্যাতি

উত্তৰঃ জ্ঞান- অজ্ঞানী

সৰল- জটিল

সাধাৰণ- অসাধাৰণ

চোকা- ভোঁটা

ৰোগী- নিৰোগী

সুখ্যাতি- কুখ্যাতি 

৮। উত্তৰ দিয়া।

(ক) কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি?

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো ১৮৯৮ চন।

(খ) তেখেতে কেতিয়াৰ পৰা সাহিত্য চর্চা কৰিছিল?

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈয়ে ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল।

(গ) তেখেতে কোনটো বিষয়ত এম. এ. পাছ কৰিছিল?

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈয়ে সংস্কৃতত এম. এ. পাছ কৰিছিল।

(ঘ) তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম লিখা।

উত্তৰঃ তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম 'শ্ৰীহৰ্ষৰ নৈষধ চৰিত', 'যশস্তিলকʼ আৰু 'সেতুবন্ধ'।

(ঙ) তেখেতে কি কি আলোচনীত প্রবন্ধ লিখিছিল?

উত্তৰঃ তেখেতে বাঁহী আলোচনী, চেতনা, আৱাহন আদি পত্ৰিকাত প্রবন্ধ লিখিছিল।

Comments