Skip to main content

Featured

জোনাকৰ জেউতি | Class 5 Assamese Chapter 6 All Questions and Answers | Class 5 Assamese Chapter 6 All Questions and Answers SCERT |

 জোনাকৰ জেউতি

১। উত্তৰ দিয়া।

(ক) 'জোনাকৰ জেউতি' পাঠটোত কোনে কালৈ চিঠি লিখিছিল?

উত্তৰঃ 'জোনাকৰ জেউতি' পাঠটোত মুকুটে নিয়ৰলৈ চিঠি লিখিছিল।

(খ) চিঠিখনত লিখা ভাল খবৰটো কি?

উত্তৰঃ চিঠিখনত লিখা ভাল খবৰটো হ'ল মুকুটৰ গাঁৱত স্থাপিত হোৱা পুথিভঁৰালটো।

(গ) পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল?

উত্তৰঃ পুথিভঁৰালটোৰ নাম 'জোনাক' ৰখা হৈছিল।

(ঘ) পুথিভঁৰালীজনৰ নাম কি?

উত্তৰঃ পুথিভঁৰালীজনৰ নাম নীলকান্ত।

(ঙ) পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল?

উত্তৰঃ পুথিভঁৰালটো মুকুটৰ গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মাণিকচন্দ্ৰ বৰুৱাই উদ্বোধন কৰিছিল।

(চ) পুথিভঁৰাললৈ দহখন কিতাপ কোনে দান কৰিছিল?

উত্তৰঃ পুথিভঁৰাললৈ দহখন কিতাপ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই দান কৰিছিল।

(ছ) মুকুটে নিয়ৰক যেনেতেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি?

উত্তৰঃ মুকুটে নিয়ৰক যেনেতেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম 'বিজ্ঞানৰ সৰু সৰু কথা-১' আৰু 'বিজ্ঞানৰ সৰু সৰু কথা-১'।

(জ) প্রাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম কি?

উত্তৰঃ প্রাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম নালন্দা বিশ্ববিদ্যালয়ৰ।

২। গামোচাখনত সিঁচৰতি হৈ থকা শব্দবোৰ শিতান অনুসৰি ভগোৱা।

গ্রন্থ, গ্রন্থকাৰ, পাঠক, গ্রন্থাগাৰ, পাঠক ,লিখক, পুথি

পুথিভঁৰাল, পুস্তকালয়, প্রণেতা, পঢ়ুৱৈ, পুস্তক

উদাহৰণ-কিতাপ   লিখোঁতা    পঢ়োঁতা    ভঁৰাল

              পুথি

             পুস্তক

              গ্রন্থ

উত্তৰঃ কিতাপ         লিখোঁতা      পঢ়োঁতা      ভঁৰাল

              পুথি            লিখক         পঢ়ুৱৈ       গ্ৰন্থাগাৰ 

             পুস্তক         গ্ৰন্থকাৰ         পাঠক     পুথিভঁৰাল 

              গ্রন্থ            প্ৰণেতা          পাঠক     পুস্তকালয়

৩। পাঠৰ পৰা বহুবচন আৰু একবচন বুজোৱা শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে লিখা।

একবচন                  বহুবচন

মোৰ                        আমাৰ

………                    ......…… 

…………                 ..…………

……………               ……….....

উত্তৰঃ একবচন                  বহুবচন

            মোৰ                      আমাৰ

            সি                           সিহঁত

            তেওঁ                       তেওঁলোক

            মই                          আমি    

৪। তলৰ বাক্যকেইটা প্রশ্নবোধক বাক্যলৈ নিয়া।

(ক) বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়া।

(খ) গছজোপাত লমা-লমে আম লাগিছে।

(গ) বেবীয়ে পঢ়িবলৈ ভাল পায়।

(ঘ) ৰিজু গৰম বন্ধত ঘৰলৈ আহিব।

উত্তৰঃ (ক) বিদ্যালয়ত হৰিৰ উপস্থিতি নিয়মীয়ানে?

(খ) গছজোপাত লমা-লমে আম লাগেনে?

(গ) বেবীয়ে পঢ়ি ভাল পায়নে?

(ঘ) ৰিজু গৰম বন্ধত ঘৰলৈ আহিবনে?

৫। দলত আলোচনা কৰি শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা।

পৰিপাটি, নতুন, উপযোগী, আশা।

উত্তৰঃ পৰিপাটি- অপৰিপাটি 

নতুন- পুৰণি 

উপযোগী- অনুপযোগী 

আশা- নিৰাশা 

৬। তলৰ শব্দবোৰেৰে বাক্য সাজা।

সংগ্রহ উপযোগী, পুথি, কিতাপ, গ্রন্থমেলা

উত্তৰঃ 

সংগ্ৰহ: মই সাধুকথাৰ কিতাপ সংগ্ৰহ কৰি ভাল পাওঁ।

উপযোগী: ফল-মূল আৰু শাক-পাচলি আমাৰ স্বাস্থ্যৰ বাবে বৰ উপযোগী।

পুথি: আগৰ দিনত মানুহে সাঁচিপাতত পুথি লিখিছিল।

কিতাপ: জ্ঞান বঢ়াবলৈ আমি সদায় ভাল কিতাপ পঢ়িব লাগে।

গ্ৰন্থমেলা: যোৱাবছৰ মই দেউতাৰ লগত গুৱাহাটীৰ গ্ৰন্থমেলালৈ গৈছিলোঁ।

Comments