Skip to main content

Featured

ৰঙৰ ৰহস্য ‌| Class 5 Assamese Chapter 8 All Questions and Answers | Class 5 Assamese Chapter 8 All Questions and Answers SCERT |

 ৰঙৰ ৰহস্য

১। উত্তৰ দিয়া।

(ক) আদিম মানুহে ক'ত বাস কৰিছিল? তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিল?

উত্তৰঃ আদিম মানুহে গুহাত বাস কৰিছিল।

          তেওঁলোকে ৰঙীন ছবি গুহাৰ বেৰত আঁকিছিল।

(খ) সূৰ্যৰ পোহৰত কেইটা ৰং থাকে? সেই ৰংকেইটাৰ নাম কি কি?

উত্তৰঃ সূৰ্যৰ পোহৰত সাতটা ৰং থাকে। 

         সেই ৰংকেইটাৰ নাম হ'ল - বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।

(গ) আমি বস্তু এটা কেতিয়া দেখোঁ? আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি?

উত্তৰঃ কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ।

         আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ হ'ল আন্ধাৰত থকা বস্তুটোত পোহৰ নপৰে।

(ঘ) বগা ৰং কেনেকৈ সৃষ্টি হয়? চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ কি?

উত্তৰঃ সূৰ্যৰ পোহৰত থকা সাতোটা ৰং মিলি বগা ৰংৰ সৃষ্টি হয়।

          চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ হ'ল চকৰ বগা ৰঙটোহে আমাৰ চকুৰ পৰ্দাত পৰে।

(ঙ) মানুহে দেখাৰ দৰে সকলো প্রাণীয়ে ৰংবোৰ নেদেখে। ৰং দেখা পোৱা প্রাণীবোৰ কি কি?

উত্তৰঃ ৰং দেখা পোৱা প্রাণীবোৰ হʼল- গৰিলা, গিবন, চিম্পাঞ্জী আৰু ওৰাংওটা জাতীয় বন-মানুহবোৰ।

২। কাৰ কি ৰং মিলোৱা।

• আকাশখন                       ক'লা

• গছৰ পাত                       হালধীয়া

•গাখীৰ                                নীলা

•সৰিয়হৰ ফুল                   বেঙুনীয়া

•চুলিটাৰি                           সেউজীয়া

•বেঙেনা                                বগা

উত্তৰঃ 

আকাশখন - নীলা

গছৰ পাত - সেউজীয়া 

গাখীৰ - বগা

সৰিয়হৰ ফুল - হালধীয়া 

চুলিটাৰি - কʼলা

বেঙেনা - বেঙুনীয়া 

৩। খালী ঠাই পূৰ কৰা।

(ক) ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং_________ দেখে।

উত্তৰঃ ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং মটীয়াহে  দেখে।

(খ) আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি _______________ দেখোঁ।

উত্তৰঃ আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি চকুৰে দেখোঁ।

(গ) ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম__________।

উত্তৰঃ ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ছাৰ আইজাক নিউটন।

৪। সঁচা নে মিছা লিখা।

(ক) আদিম মানুহৰ ৰঙৰ প্রতি আকর্ষণ আছিল।

উত্তৰঃ সঁচা।

(খ) আঘোণ মাহৰ পথাৰ সেউজীয়া।

উত্তৰঃ মিছা।

(গ) মৌ-মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে।

উত্তৰঃ সঁচা।

(ঘ) কিছুমান চৰায়েও আমাৰ দৰে ৰং চিনি পায়।

উত্তৰঃ সঁচা।

(ঙ) মানুহে অতিবেগুনীয়া ৰংটোও দেখে।

উত্তৰঃ সঁচা।

৫।‌ তলত আঁচ দিয়া যুক্তাক্ষৰকেইটা ভাঙি দেখুওৱা।

নিশ্চয়, অস্ত, একাদিক্রমে, আৱিষ্কাৰ, পেঞ্চিল,

বিজ্ঞানী, চিম্পাঞ্জী, বায়ুমণ্ডল

উত্তৰঃ নিশ্চয়- শ্চ- শ+চ

অস্ত- স্ত- স+ত

একাদিক্রমে- ক্ৰ- ক+ৰ

আৱিষ্কাৰ- ষ্ক- ষ+ক

পেঞ্চিল- ঞ্চ- ন+চ

বিজ্ঞানী- জ্ঞ-জ+ঞ

চিম্পাঞ্জী- ঞ্জ- ঞ+জ

বায়ুমণ্ডল- ণ্ড- ণ+ড

Comments