Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল | Class 5 Assamese Chapter 9 All Questions and Answers | Class 5 Assamese Chapter 9 All Questions and Answers SCERT |
ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল
১।উত্তৰ দিয়া।
(ক) ভতুৱা আৰু খঁকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল?
উত্তৰঃ ভতুৱা আৰু খঁকুৱাৰ মাজত গাওঁবুঢ়াৰ চকীত বহাৰ বাবে খৰিয়াল লাগিছিল।
(খ) ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কি কৈছিল?
উত্তৰঃ ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কৈছিল যে- "বৰ লাজ-মান বুজাটো নোলাবিচোন। হেৰ' গৰাকীৰ ঘৰতে মাছে-মঙহে উদৰ পুৰাই খোৱাৰ পাছতো দেখোন বিয়া-সবাহৰ গোন্ধ পালেই চুৱাপাত চেলেকিবলৈ লৰ মাৰ; তেতিয়া তোৰ লাজ মান কʼলৈ যায় অʼ?
(গ) 'লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ-ঠেকেচা খাওঁতে যাৰ জনম গ'ল, তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰ'বি আজি তোক মই এসেকা দিহে এবিম।' এই কথাষাৰ কোনে কাক কৈছিল?
উত্তৰঃ এই কথাষাৰ ভতুৱাই খঁকুৱাক কৈছিল।
(ঘ)' জানে জেঠাই, বৰফৰ দেশতো বোলে কুকুৰ আছে।'
- এই কথাষাৰ কোনে কৈছে? বৰফৰ দেশত কুকুৰে কি গাড়ী টানে?
উত্তৰঃ এই কথাষাৰ অকুমণিয়ে কৈছে।
বৰফৰ দেশত কুকুৰে শ্লেজগাড়ী টানে।
২। বহলাই লিখা।
(ক) কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি কি মিল আৰু কি কি অমিল আছে?
উত্তৰঃ কুকুৰ আৰু মেকুৰীৰ মিল থকা আকৃতি আৰু স্বভাৱ বোৰ হ'ল- দুয়োৱে একেধৰণে পানী খায়, দুয়োৰে গা মিহি নোমেৰে ঢকা, দুয়োৰে দুপাৰিকৈ চোকা দাঁত আছে, দুয়োৰে ঠেঙত জোঙা নখ আছে।
কুকুৰ আৰু মেকুৰীৰ মিল থকা আকৃতি আৰু স্বভাৱ বোৰ হ'ল- মেকুৰীয়ে পানীলৈ ভয় কৰে কিন্তু কুকুৰে পানীত সাঁতুৰিব পাৰে। মেকুৰীয়ে গছত বগাব পাৰে কিন্তু কুকুৰে গছত বগাব নোৱাৰে। কুকুৰৰ মুখখন দীঘল আৰু জোঙা আৰু মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থোপোকা। মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল কিন্তু কুকুৰৰ তেনে নহয়। মেকুৰীৰ কাণ দুখন সৰু আৰু থিয় আনহাতে কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা। কুকুৰৰ নেজডাল কেকোঁৰা আৰু ওপৰৰ ফালে উঠি থকা কিন্তু মেকুৰীৰ তেনে নহয়। মেকুৰীৰ মুখত দুকোছা দীঘল গোঁফ আছে, কুকুৰৰ তেনে নাই। দুয়োৰে বহাৰ ভংগী আৰু খোৱা ধৰণো বেলেগ বেলেগ।
(খ) কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি কি উপকাৰ সাধন কৰে?
উত্তৰঃ
(গ) অকুমণি আৰু জেঠায়েকৰ মাজত হোৱা কথাখিনি পঢ়া আৰু সেইখিনি জুকিয়াই লৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখা।
উত্তৰঃ
৩। তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰৰ পৰা জানি লৈ বহীত লিখা।
উদব, চুৱাপাত, চক, এসেকা, বিষম, উভয়ে, আকৃতি
থোপোকা, তীক্ষ্ণ, চোকা, উম গৃহস্থ
৩। শব্দত থকা যুক্তাক্ষৰটো ভাঙি দেখুওৱা আৰু সেই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি দুটাকৈ শব্দ গঠন কৰা।
উদাহৰণ- গৃহস্থ স্থ= স+থ স্থল, বাসস্থান
গোন্ধ
অস্ত্র → স্ত্র
বুদ্ধি
বিশ্বাসী শ্ব
শব্দ দ
জন্তু ←
+ +
বি
চহী
৪। পাঠটোত তোমালোকে অকুমণি নামৰ ল'ৰা এজনৰ বিষয়ে পাইছা। অকুমণি নগৰত বাস কৰে বাবে তেওঁক নগৰীয়া বুলি কৈছে। সেইদৰে আমি তেনেকুৱা অনেক শব্দ পাওঁ। তেনে শব্দ লিখোঁ আহা।
গাঁৱত থাকে যি
বনত থাকে যি
পোহ মানে যি
ঘৰত ৰাখি পোহে যাক
বেছিকৈ ভাত খায় যি
পেট যাৰ ডাঙৰ
এলাহ কৰে যি
খঁক আছে যাৰ
চাৰি ঠেং আছে যাৰ
গাঁৱৰ মুখিয়াল জন
উত্তৰঃ গাঁৱত থাকে যি- গাঁৱলীয়া
বনত থাকে যি- বনৰীয়া
পোহ মানে যি- পোহনীয়া
ঘৰত ৰাখি পোহে যাক- পোহনীয়া
বেছিকৈ ভাত খায় যি- খঁকুৱা
পেট যাৰ ডাঙৰ- পেতুৱা
এলাহ কৰে যি- এলেহুৱা
খঁক আছে যাৰ- খঁকুৱা
চাৰি ঠেং আছে যাৰ- চাৰিঠেঙীয়া
গাঁৱৰ মুখিয়াল জন- গাওঁবুঢ়া
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment