Skip to main content

Featured

আমাৰ পৰিৱেশ। Class 5 Environment Chapter 1 All Questions and Answers | Class 5 Poribesh Chapter 1 All Questions and Answers | SCERT Assam

 আমাৰ পৰিৱেশ

১। উত্তৰ লিখা -

(ক) পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি?

উত্তৰঃ পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম হ'ল- উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি।

(খ) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা?

উত্তৰঃ পেংগুইন চৰাইৰ গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু।

(গ) জলাহ অঞ্চল কাক বোলে?

উত্তৰঃ সাধাৰণতে সাময়িক‌ভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা অঞ্চলভাগে হʼল জলাহ অঞ্চল।

(ঘ) পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি?

উত্তৰঃ পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হ'ল- বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত-পাহাৰ আদি।

(ঙ) মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ উপাদানবোৰ ব্যৱহাৰ কৰি মানুহে যি সামগ্ৰী সৃষ্টি কৰে তাকে মানৱসৃষ্ট পৰিৱেশ বোলে।

(চ) মৰুভূমিত কি কি প্রাণী আৰু উদ্ভিদ পোৱা যায়? এটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ মৰুভূমিত পোৱা প্ৰাণী হʼল- উট।

মৰুভূমিত থকা উদ্ভিদ হʼল- কেকটাছ।

(ছ) পৰিৱেশত পোহৰৰ ভূমিকা কি?

উত্তৰঃ পোহৰ পৰিৱেশৰ অজৈৱিক উপাদান। আমি ইয়াক সৌৰশক্তি বুলিও কওঁ । পোহৰে পৰিৱেশ থকা উদ্ভিদৰ খাদ্য প্ৰস্তুত প্ৰণালীত সহায় কৰে।

২। খালী ঠাই পূৰ কৰা -

(ক) _________মৰুভূমিৰ প্ৰধান প্রাণী।

উত্তৰঃ উট মৰুভূমিৰ প্ৰধান প্রাণী।

(খ) বগা ভালুক__________অঞ্চলত থাকে।

উত্তৰঃ বগা ভালুক মেৰু অঞ্চলত থাকে।

(গ) তৃণভূমি অঞ্চলত বৃহৎ এলেকাজুৰি_______পোৱা যায়।

উত্তৰঃ তৃণভূমি অঞ্চলত বৃহৎ এলেকাজুৰি ঘাঁহনি পোৱা যায়।

(ঘ) মৰুভূমিত____________জাতীয় উদ্ভিদ হয়।

উত্তৰঃ মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয়।

(ঙ) পোহৰ পৰিৱেশৰ এটা _________ উপাদান।

উত্তৰঃ পোহৰ পৰিৱেশৰ এটা অজৈৱিক উপাদান।

৩। তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা -

(ক) বগা ভালুক/হৰিণা/জেব্রা মেৰু অঞ্চলৰ প্ৰাণী।

উত্তৰঃ বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী।

(খ) ছীল/বল্গা হৰিণ/য়াকৰ দীঘল আৰু শাখা-প্রশাখাযুক্ত শিং থাকে।

উত্তৰঃ বল্গা হৰিণ দীঘল আৰু শাখা-প্রশাখাযুক্ত শিং থাকে।

(গ) জিৰাফ/সিংহ/বাঘ এবিধ তৃণভোজী প্রাণী।

উত্তৰঃ জিৰাফ এবিধ তৃণভোজী প্রাণী।

৪। চমুটোকা লিখা- জলাহভূমি, অণুজীৱ, পানী আৰু বায়ু

উত্তৰঃ জলাহভূমি- সাধাৰণতে সাময়িক‌ভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা ভূমিভাগে হʼল জলাহভূমি।

অণুজীৱ- অণুজীৱ পৰিৱেশৰ জৈৱিক উপাদান।

পানী- পানী হৈছে পৰিৱেশৰ অজৈৱিক উপাদান। পানী হৈছে প্ৰাণীৰ প্ৰাণ। পানী নহ'লে কোনো জীৱই এই পৃথিৱীত জীয়াই থাকিব নোৱাৰে। 

বায়ু- পৰিৱেশৰ অন্যতম অজৈৱিক উপাদান হৈছে বায়ু।

৫। এটা প্রাকৃতিক দৃশ্যৰ ছবি আঁকা।

Comments