Skip to main content

Featured

Let's Write a Story | Class 5 English Lesson 5 Question Answer

Let's Write a Story 1. Answer the following questions. Pick words from the box below to complete the answers. You may choose a word more than once: grazing,  roaming,  presence,  runs,  away save,  bush,  sadly,  tiger,  alert,  deer a) What is there in the first picture? There is a .................. the forest. Ans: There is a tiger in the forest. b) What do you see in the second picture? There is a deer ................... in the forest. Ans: There is a deer grazing in the forest. c) What happens in the third picture? The tiger sees a deer...............  .  Ans: The tiger sees a deer roaming . d) What does the tiger do in fourth picture? The..................crawls quietly towards the.............  Ans: The tiger crawls quietly towards the deer . e) What does the deer do in the fifth picture? The deer becomes................ He looks here and there and feels  the..........  the tiger. Ans: The deer becomes aler...

জীৱ আৰু পৰিৱেশ | Class 5 Poribesh Chapter 2 All Questions and Answers | Class 5 Poribesh Chapter 2 All Questions and Answers SCERT |

 জীৱ আৰু পৰিৱেশ

অনুশীলনী

১। উত্তৰ লিখা-

(ক) পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি?

উত্তৰঃ পৰিৱেশৰ জৈৱিক উপাদানবোৰ হ'ল- প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ আদি।

পৰিৱেশৰ অজৈৱিক উপাদানবোৰ হ'ল-বায়ু, পানী, মাটি, পোহৰ আদি।

(খ) উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়?

উত্তৰঃ নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লʼব পাৰে বাবে উদ্ভিদক উৎপাদক বোলে।

(গ) উপভোক্তা কেইপ্ৰকাৰ আৰু কি কি?

উত্তৰঃ উপভোক্তা তিনিপ্ৰকাৰৰ সেইকেইটা হ'ল-

১) প্ৰাথমিক উপভোক্তা, ২) দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু ৩) তৃতীয় শ্ৰেণীৰ উপভোক্তা।

(ঘ) বিয়োজকে আমাক কেনেদৰে সহায় কৰে?

উত্তৰঃ বিয়োজকে মৃত্যু হোৱা প্ৰাণী আৰু উদ্ভিদক গেলি-পচি যোৱাত সহায় কৰে।

(ঙ) তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা।

উত্তৰঃ তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম হ'ল- ঘাঁহনি, পুখুৰী আৰু অৰণ্য।

২। খালী ঠাই পূৰ কৰা-

(ক) শামুক হ'ল___________ উপভোক্তা।

উত্তৰঃ শামুক হʼল প্ৰাথমিক উপভোক্তা।

(খ) এটাতকৈ অধিক_________ মিলি খাদ্যজালৰ সৃষ্টি হয়।

উত্তৰঃ এটাতকৈ অধিক খাদ্যশৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়।

(গ) শেনহ'ল___________শ্ৰেণীৰ উপভোক্তা।

উত্তৰঃ শেন হʼল তৃতীয় শ্ৰেণীৰ উপভোক্তা।

(ঘ) খাদ্যজালত এটাতকৈ__________খাদ্যশৃংখল থাকে।

উত্তৰঃ খাদ্যজালত এটাতকৈ অধিক খাদ্যশৃংখল থাকে।

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা-

(ক) খাদ্যশৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ/প্রাণী/অণুজীৱ থাকে।

উত্তৰঃ খাদ্যশৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে।

(খ) বিয়োজকে/উৎপাদকে/উপভোক্তাই খাদ্য প্রস্তুত কৰে।

উত্তৰঃ উৎপাদকে খাদ্য প্রস্তুত কৰে।

(গ) উৎপাদকে/বিয়োজকে/ উপভোক্তাই মৃতদেহ গেলি-পচি যোৱাত সহায় কৰে।

উত্তৰঃ বিয়োজকে মৃতদেহ গেলি-পচি যোৱাত সহায় কৰে।

৪। খাদ্যশৃংখল কি? উদাহৰণেৰে সৈতে বুজাই লিখা।

উত্তৰঃ খাদ্যৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰমান্বয়ে যি শৃংখলৰ সৃষ্টি কৰে তাকে খাদ্যশৃংখল বোলে।

৫। পুখুৰী এটা পৰিস্থিতি তন্ত্র হয়নে যুক্তি সহকাৰে বুজাই লিখা।

উত্তৰঃ হয়, পুখুৰী এটা সম্পূৰ্ণ পৰিস্থিতিতন্ত্ৰ।

যিহেতু পুখুৰী এটাত উদ্ভিদ আৰু প্ৰাণীবোৰে প্ৰাকৃতিকভাৱে ইটোৱে-সিটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে, সেয়েহে পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ।

৬। সালোক সংশ্লেষণ বুলিলে কি বুজা?

উত্তৰঃ পাতত থকা হৰিৎকণা সহায়ত উদ্ভিদে সৌৰশক্তি আহৰণ কৰে। উদ্ভিদে বায়ুৰ পোৱা কাৰ্বন-ডাই-অক্সাইড আৰু শিপাই মাটিৰ পৰা শোষণ কৰা পানীৰ মাজত সৌৰশক্তিৰ সহায়ত বিক্ৰিয়া ঘটাই উদ্ভিদে খাদ্য তৈয়াৰ কৰা প্ৰণালীটোক সালোক সংশ্লেষণ বোলে।

৭। পার্থক্য লিখা-

(ক) উৎপাদক আৰু বিয়োজক।

উত্তৰঃ উৎপাদক আৰু বিয়োজকৰ মাজত পাৰ্থক্য হ'ল- 

     উৎপাদক                                     বিয়োজক

১। উৎপাদকবোৰে নিজৰ           ১। বিয়োজকে আহাৰৰ

আহাৰ নিজে প্ৰস্তুত কৰে।          বাবে মৃতজীৱী ওপৰত।                                                 নিৰ্ভৰ কৰে।

২। যেনে- উদ্ভিদ।                         ২। যেনে- বেক্টেৰিয়া।

(খ) তৃণভোজী আৰু মাংসভোজী প্রাণী।

উত্তৰঃ তৃণভোজী আৰু মাংসভোজী প্রাণী মাজত পাৰ্থক্য হ'ল-

তৃণভোজী প্ৰাণী                       মাংসভোজী প্ৰাণী 

১। যিবোৰ প্ৰাণীয়ে ঘাঁহ, বন‌,    ১। যিবোৰ প্ৰাণীয়ে মাংস 

পাত আদি খায়                           খায় সেইবোৰ প্ৰাণীক 

সেইবোৰ প্ৰাণীক                    মাংসভোজী প্ৰাণী বোলে। 

তৃণভোজী প্ৰাণী বোলে।

২। উদাহৰণস্বৰূপে- ফৰিং, হৰিণ       ২। উদাহৰণ-                                                                বাঘ, সিংহ

(গ) খাদ্যশৃংখল আৰু খাদ্যজাল।

উত্তৰঃ 

খাদ্যশৃংখল

১। পৰিৱেশত খাদ্যৰ বাবে জীৱবোৰে ক্ৰমান্বয়ে ইটোৱে-সিটোৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি তোলা একমুখী সৰল শিকলিক খাদ্যশৃংখল বোলে।

২। ইয়াত এটা জীৱই কেৱল এটা নিৰ্দিষ্ট জীৱকহে খাদ্য হিচাপে গ্ৰহণ কৰে, অৰ্থাৎ কোনো বিকল্প খাদ্য নাথাকে।

খাদ্যজাল

১। পৰিৱেশত কেইবাটাও খাদ্যশৃংখল গোট খাই সৃষ্টি কৰা জটিল জালৰ নিচিনা গঠনক খাদ্যজাল বোলে।

২। ইয়াত এটা জীৱই একাধিক জীৱক খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে, অৰ্থাৎ খাদ্যৰ বহুতো বিকল্প থাকে।

৮। পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব?

উত্তৰঃ পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ (তৃণভোজী প্ৰাণী) নোহোৱা হৈ গ'লে গোটেই পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য নষ্ট হ'ব। ইহঁত নোহোৱা হ'লে ঘাঁহ-বন আৰু উদ্ভিদ খোৱা কোনো নাথাকিব, যাৰ ফলত গছ-গছনিৰ সংখ্যা অত্যধিক বাঢ়ি যাব। আনহাতে, মাংসভোজী প্ৰাণীবোৰে (দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা) খাদ্যৰ অভাৱত অনাহাৰে মৰি যাব। ফলত খাদ্যশৃংখলটো ভাঙি পৰিব আৰু পৰিস্থিতিতন্ত্ৰটো ধ্বংস হৈ পৰিব।

৯। খাদ্যজালৰ কিয় সৃষ্টি হয়?

উত্তৰঃ পৰিৱেশত কোনো জীৱই কেৱল এটা নিৰ্দিষ্ট খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই নাথাকে, বৰঞ্চ জীয়াই থাকিবলৈ ভিন্ন ধৰণৰ বিকল্প খাদ্য গ্ৰহণ কৰে। একেদৰে, এটা নিৰ্দিষ্ট জীৱক কেইবাটাও বেলেগ বেলেগ প্ৰাণীয়ে খাদ্য হিচাপে খাব পাৰে। ইয়াৰ ফলত পৰিৱেশত চলি থকা কেইবাটাও সৰল খাদ্যশৃংখল এটাৰ লগত আনটো মিলি যায় আৰু এক জটিল জালৰ সৃষ্টি কৰে, যাকে খাদ্যজাল বোলে। পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈকে প্ৰকৃতিৰ বুকুত খাদ্যজালৰ সৃষ্টি হয়।

১০। মাটিত পৰি থকা মৃত জীৱবোৰ কিয় গেলি-পচি যায়?

উত্তৰঃ মাটিত পৰি থকা মৃত জীৱবোৰ গেলি-পচি যায় কাৰণ বিয়োজক অৰ্থাৎ বেক্টেৰিয়া আৰু ভেঁকুৰে মৃত জীৱৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটায় অৰ্থাৎ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ পৰিৱৰ্তন কৰি গেলি-পচি যোৱাত সহায় কৰে।

Comments