Skip to main content

Featured

বতৰ | Class 5 Poribesh Chapter 3 All Questions and Answers | Class 5 Poribesh Chapter 3 All Questions and Answers SCERT |

 বতৰ

অনুশীলনী

১। উত্তৰ লিখা-

(ক) বতৰ বুলিলে কি বুজা?

উত্তৰঃ বায়ুমণ্ডলৰ বিভিন্ন সময়ত হোৱা অৱস্থাৰ‌ পৰিবৰ্তনে বতৰৰ সৃষ্টি কৰে।

(খ) ঋতু কেইটা আৰু কি কি?

উত্তৰঃ ঋতু ৬টা। সেইকেইটা হ'ল- ১) গ্ৰীষ্ম, ২) বৰ্ষা, ৩) শৰৎ, ৪) হেমন্ত, ৫) শীত, ৬) বসন্ত।

(গ) বতৰৰ আগজাননী মানে কি?

উত্তৰঃ বতৰৰ আগজাননী মানে হ'ল বতৰ সলনি হোৱাৰ আগতে দিয়া জাননী।

(ঘ) বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম।

উত্তৰঃ বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম হ'ল থাৰ্মʼমিটাৰ, বেৰʼমিটাৰ আৰু ৰেইনগʼজ।

(ঙ) কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে?

উত্তৰঃ বতৰ বিজ্ঞান কেন্দ্ৰই গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্রস্তুত আৰু প্ৰচাৰ কৰে।

২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

'ক'                                         'খ'

বায়ুৰ উষ্ণতা                     ৰেইনগজ

বায়ুত থকা জলীয়            থার্ম মিটাৰ

বাষ্পৰ পৰিমাণ।  

বৰষুণৰ পৰিমাণ              এনিম মিটাৰ 

বায়ুৰ গতিবেগ                 হাইগ্র 'মিটাৰ

উত্তৰঃ 

     'ক'                               'খ'

বায়ুৰ উষ্ণতা            -    থার্ম মিটাৰ

বায়ুত থকা জলীয়          

বাষ্পৰ পৰিমাণ।         -  হাইগ্র 'মিটাৰ

বৰষুণৰ পৰিমাণ      -    ৰেইনগজ  

বায়ুৰ গতিবেগ         -   এনিম মিটাৰ 

৩। খালী ঠাই পূৰ কৰা-

(ক) গৰম দিনত পাতল ________ কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক।

উত্তৰঃ গৰম দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক।

(খ) বতাহৰ দিশ জুখিবলৈ ___________ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।

উত্তৰঃ বতাহৰ দিশ জুখিবলৈ দিক্-দৰ্শীসূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।

(গ) বায়ুমোজা বতাহৰ ____________ আৰু________ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়।

উত্তৰঃ বায়ুমোজা বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(ঘ) ধুমুহা আহিলে আকাশত ___________ মাৰে আৰু মেঘেও গাজে।

উত্তৰঃ ধুমুহা আহিলে আকাশত বিজুলী-ঢেৰেকণি মাৰে আৰু মেঘেও গাজে।

৪। বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়?

উত্তৰঃ বতৰৰ আগজাননী ৰেডিঅ', দূৰদৰ্শন, বাতৰিকাকত আৰু ইন্টাৰনেটৰ জৰিয়তে দিয়া হয়।

৫। চমু টোকা লিখা-

(ক) ৰেইনগজ (খ) কৃত্রিম উপগ্রহ (গ) বতৰ বিজ্ঞান কেন্দ্র। (ঘ) খৰাং বতৰ (ঙ) ফৰকাল বতৰ

উত্তৰঃ (ক) ৰেইনগজ- ৰেইনগজ হৈছে বতৰৰ পৰিমাণ জোখা যন্ত্ৰ। ইয়াৰ সহায়ত বতৰৰ পৰিমাণ জোখা হয়।

(খ) কৃত্ৰিম উপগ্ৰহ- কৃত্ৰিম উপগ্ৰহে বতৰৰ আগজাননী দিয়াত সহায় কৰে।

(গ) বতৰ বিজ্ঞান কেন্দ্ৰ- ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই আমাৰ দেশৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু বিভিন্ন মাধ্যম যেনে- ৰেডিঅ', দূৰদৰ্শন, বাতৰিকাকত আৰু ইন্টাৰনেটৰ জৰিয়তে প্ৰচাৰ কৰে।

(ঘ) খৰাং বতৰ- বহুদিন ধৰি বৰষুণ নোহোৱাৰ ফলত বতৰ শুকান হৈ পৰে আৰু ঠায়ে ঠায়ে ছিৰাল-ফাঁট মেলে। এনে বতৰক খৰাং বতৰ বোলে।

(ঙ) ফৰকাল বতৰ-  ফৰকাল বতৰত আকাশত ডাৱৰ নাথাকে আৰু দুপৰীয়া তুলনামূলকভাৱে গৰম বেছি হয়।

৬। বতৰ অনুযায়ী আমাৰ সাজ-পাৰ কেনেধৰণৰ হ'ব লাগে লিখা।

উত্তৰঃ বতৰ অনুযায়ী আমাৰ সাজ-পাৰ ভিন্ন হোৱা উচিত, যাতে আমাৰ শৰীৰটো সুস্থ আৰু আৰামদায়ক হৈ থাকে। গৰমৰ দিনত আমি শৰীৰটো ঠাণ্ডা কৰি ৰাখিবলৈ পাতল আৰু ঢিলা কপাহী কাপোৰ পিন্ধিব লাগে। আনহাতে, শীতকালত ঠাণ্ডাৰ পৰা বাচিবলৈ আমি ছুইটাৰ, জেকেট আদিৰ দৰে ঊণৰ গৰম কাপোৰ ব্যৱহাৰ কৰিব লাগে। ঠিক তেনেদৰে, বৰষুণৰ বতৰত বাহিৰলৈ ওলাই গ’লে তিতি নোযোৱাৰ বাবে আমি ৰেইনকোট বা ছাতি ব্যৱহাৰ কৰা প্ৰয়োজন। শৰীৰটোক বতৰৰ প্ৰকোপৰ পৰা সুৰক্ষিত ৰাখিবলৈকে আমি বতৰৰ সৈতে সংগতি ৰাখি কাপোৰ পিন্ধিব লাগে।

৭। কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে।

উত্তৰঃ খেতিয়ক, জাহাজৰ নাৱিক, সাগৰৰ মাছ মৰীয়া, বিমান চালক, পৰ্বত আৰোহণকাৰী আদি কামত বতৰৰ আগজাননীয়ে সহায় কৰে।

৮। বতৰৰ উপাদানকেইটাৰ নাম কি কি?

উত্তৰঃ বতৰৰ প্ৰধান উপাদানকেইটা হ'ল:

১। উত্তাপ, ২। বায়ুৰ চাপ, ৩।বতাহ, ৪। আৰ্দ্ৰতা

৫। অধঃক্ষেপণ

Comments