Skip to main content

Featured

Let's Write a Story | Class 5 English Lesson 5 Question Answer

Let's Write a Story 1. Answer the following questions. Pick words from the box below to complete the answers. You may choose a word more than once: grazing,  roaming,  presence,  runs,  away save,  bush,  sadly,  tiger,  alert,  deer a) What is there in the first picture? There is a .................. the forest. Ans: There is a tiger in the forest. b) What do you see in the second picture? There is a deer ................... in the forest. Ans: There is a deer grazing in the forest. c) What happens in the third picture? The tiger sees a deer...............  .  Ans: The tiger sees a deer roaming . d) What does the tiger do in fourth picture? The..................crawls quietly towards the.............  Ans: The tiger crawls quietly towards the deer . e) What does the deer do in the fifth picture? The deer becomes................ He looks here and there and feels  the..........  the tiger. Ans: The deer becomes aler...

জীৱন ধাৰণৰ প্ৰণালী | Class 5 Poribesh Chapter 4 All Questions and Answers | Class 5 Poribesh Chapter 4 All Questions and Answers SCERT | Assam SCERT

 জীৱন ধাৰণৰ প্ৰণালী

অনুশীলনী

১। উত্তৰ লিখা-

(ক) গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি শস্যৰ খেতি কৰে?

উত্তৰঃ গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কৃষি।

          তেওঁলোকে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ, নানা প্ৰকাৰৰ শাক-পাচলি আদিৰ খেতি কৰিছিল।

(খ) চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি শস্যৰ খেতি কৰে?

উত্তৰঃ চৰ অঞ্চলত বাস কৰা লোকসকলে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে।

(গ) জুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি কি শস্যৰ খেতি কৰা হয়?

উত্তৰঃ পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ বনাই কৰা খেতিক জুম খেতি বোলে।

        এই কৃষি পদ্ধতিৰে ধান, মাকৈ, তিল, আদা, হালধি আদিৰ খেতি কৰা হয়।

(ঘ) নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে?

উত্তৰঃ নৈ পাৰৰ মাটি সাধাৰণতে বহুত পলসুৱা আৰু সাৰুৱা হয়। সেইবাবে এই অঞ্চলৰ লোকসকলে প্ৰধানকৈ কৃষিজীৱী আৰু মৎস্যজীৱী হিচাপে জীৱন নিৰ্বাহ কৰে। তেওঁলোকে নৈৰ পাৰৰ সাৰুৱা মাটিত বিভিন্ন খেতি-বাতি কৰে আৰু নদীৰ পৰা মাছ ধৰি বজাৰত বিক্ৰী কৰি নিজৰ জীৱিকা অৰ্জন কৰে।

(ঙ) চাহ বাগিচাৰ শ্ৰমিকসকল কি কি কামৰ লগত জড়িত থাকে?

উত্তৰঃ চাহ বাগিচাৰ শ্ৰমিকসকল বাগিচাৰ কুমলীয়া পাত চিঙা, উদ্যোগলৈ বস্তু অনা-নিয়া কৰা, যন্ত্ৰ পাতি চলোৱা আদি কামৰ লগত জড়িত।

২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

'ক'                                                        'খ'

প্রাকৃতিক দিশৰপৰা                     অঘৰী জীৱন 

অসম এখন                                  -যাপন কৰিছিল     

অসমৰ ভৈয়াম আৰু                      চহকী ৰাজ্য 

পাহাৰ দুয়ো অঞ্চলতে 

আদিম মানুহে                            ৰবি শস্যৰ খেতি 

                                                    কৰিছিল 

চৰ অঞ্চলত                                    চাহ বাগিচা 

বসবাস কৰা                                   দেখা যায় 

লোকসকলে সাধাৰণতে

উত্তৰঃ 

'ক'                                                         'খ'


প্রাকৃতিক দিশৰপৰা        -      চহকী ৰাজ্য 

অসম এখন                              

অসমৰ ভৈয়াম আৰু         -         চাহ বাগিচা    

পাহাৰ দুয়ো অঞ্চলতে                   দেখা যায়

আদিম মানুহে              -            অঘৰী জীৱন 

                                                -যাপন কৰিছিল

চৰ অঞ্চলত                      -         ৰবি শস্যৰ খেতি      বসবাস কৰা লোকসকলে 

সাধাৰণতে                                     কৰিছিল

৩। খালী ঠাই পূৰ কৰা-

(ক) খৰালি কালত পাহাৰীয়া অঞ্চলত______অভাৱ হয়।

উত্তৰঃ খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়।

(খ) ভৈয়াম অঞ্চলবোৰ সাধাৰণতে ________ভূমি।

উত্তৰঃ ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি।

(গ) পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে _______কৰে।

উত্তৰঃ পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে জুম খেতি কৰে।

(ঘ) অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে_______দেখা যায়।

উত্তৰঃ অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায়।

(ঙ) _______লোকসকলে কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে।

উত্তৰঃ গাওঁৰ লোকসকলে কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে।

৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা-

(ক) প্রাচীনকালত মানুহে স্থায়ীভাবে ঘৰ সাজি উন্নত জীৱন-যাপন কৰিছিল।

উত্তৰঃ অশুদ্ধ। প্রাচীনকালত মানুহে অঘৰী জীৱন-যাপন কৰিছিল।

(খ) উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায়।

উত্তৰঃ শুদ্ধ।

(গ) নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান-বাহনৰ সংখ্যা কম।

উত্তৰঃ শুদ্ধ। 

ঘ) কৃষিকৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছুলোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে।

উত্তৰঃ শুদ্ধ।

(ঙ) চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে।

উত্তৰঃ শুদ্ধ।

৫। জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল?

উত্তৰঃ আদিম মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰা অৱস্থাত ঘটনাক্ৰমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ সৃষ্টি কৰে আৰু সেই ফিৰিঙতিয়ে শুকান ডাল-পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এনেদৰে জুইৰ আৱিষ্কাৰ হৈছিল।

৬। আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল?

উত্তৰঃ আদিম কালৰ মানুহে চিকাৰ কৰিবলৈ, খাদ্য বস্তু কাটিবলৈ বা গুড়ি কৰিবলৈ, ছবি অঁকা আদি কামত শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল।

৭। পার্থক্য লিখা- (ক) গাঁও আৰু চহৰ (খ) ভৈয়াম আৰু পাহাৰ

উত্তৰঃ (ক) গাঁও আৰু চহৰ মাজৰ পাৰ্থক্য হ'ল- 

গাওঁ                                         চহৰ

১। গাওঁ অঞ্চলৰ যাতায়ত        ১। চহৰৰ যাতায়ত 

ব্যৱস্থা অচল।                              ব্যৱস্থা সুচল।

২। গাওঁৰ মানুহৰ প্ৰধান           ২। চহৰৰ মানুহৰ 

জীৱিকা কৃষি।                       জীৱিকা চাকৰী, উদ্যোগ।

(খ) ভৈয়াম আৰু পাহাৰ মাজৰ পাৰ্থক্য হ'ল- 

ভৈয়াম                                      পাহাৰ

১। ভৈয়াম অঞ্চলৰ                ১। পাহাৰ অঞ্চলৰ ভূমি 

ভূমি সমতল।                            এঢলীয়া।

২। ইয়াত সাধাৰণ পদ্ধতিৰে      ২। ইয়াত জুম পদ্ধতিৰে

খেতি কৰা হয়।                            খেতি কৰা হয়।

Comments