Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
আহাৰৰ প্ৰয়োজনীয়তা | Class 5 Poribesh Chapter 5 All Questions and Answers | Class 5 Poribesh Chapter 5 All Questions and Answers SCERT | SCERT ASSAM
আহাৰৰ প্ৰয়োজনীয়তা
অধ্যয়-5
অনুশীলনী
১। চমুকৈ উত্তৰ লিখা-
(ক) আমাক কিয় আহাৰৰ প্রয়োজন হয়?
উত্তৰঃ জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন।
(খ) খাদ্যত থকা উপাদানবোৰ কি কি?
উত্তৰঃ খাদ্যত থকা উপাদানবোৰ হ'ল- শৰ্কৰা, প্ৰ'টিন, ভিটামিন, চৰ্বী, খনিজ লৱণ আৰু পানী।
(গ) সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্রয়োজন?
উত্তৰঃ যিবোৰ আহাৰত শৰ্কৰা, প্ৰ'টিন, চৰ্বী, ভিটামিন আৰু খনিজ লৱণ প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰই হৈছে সুষম আহাৰ।
আমাৰ শৰীৰক নিতৌ প্ৰয়োজন হোৱা আটাইবোৰ উপাদান সুষম আহাৰত থাকে বাবে আমাক এই আহাৰ প্ৰয়োজন।
(ঘ) আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে?
উত্তৰঃ শৰীৰত পানীৰ পৰিমাণ কমিলে বেমাৰ হোৱাৰ সম্ভাৱনা থাকে সেইবাবে আমি যথেষ্ট পৰিমাণে পানী খাব লাগে।
২। খালী ঠাই পূৰ কৰা-
(ক) জীয়াই থাকিবৰ বাবে ________ প্রয়োজন।
উত্তৰঃ জীয়াই থাকিবৰ বাবে আহাৰৰ প্ৰয়োজন।
(খ) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হ'ল___________
উত্তৰঃ আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হʼল প্ৰ'টিন।
(গ) সেউজীয়া শাক-পাচলি আৰু ফল-মূলত___________আৰু _____________ থাকে।
উত্তৰঃ সেউজীয়া শাক-পাচলি আৰু ফল-মূলত খনিজ লৱণ আৰু ভিটামিন থাকে।
(ঘ) প্রয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক___________ আহাৰ বোলে।
উত্তৰঃ প্রয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক সুষম আহাৰ বোলে।
(ঙ) ভিটামিন __________ ৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে।
উত্তৰঃ ভিটামিন A ৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে।
৩। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-
'ক' 'খ'
আমাৰ শৰীৰক শক্তি
দিয়া উপাদান বিধ হ'ল কেলচিয়াম
শৰীৰত হাড় আৰু দাঁতৰ
গঠনত সহায় কৰা খনিজ
লৱণ বিধ হ'ল লো
তেজৰ গঠনত সহায়
কৰা খনিজ লবণ বিধ হ'ল গৰল
আয়'ডিনৰ অভাৱত
হোৱা বেমাৰ বিধ হ'ল শর্কৰা
উত্তৰঃ
'ক' 'খ'
আমাৰ শৰীৰক শক্তি
দিয়া উপাদান বিধ হ'ল- শৰ্কৰা
শৰীৰত হাড় আৰু দাঁতৰ
গঠনত সহায় কৰা খনিজ
লৱণ বিধ হ'ল- কেলচিয়াম
তেজৰ গঠনত সহায়
কৰা খনিজ লবণ বিধ হ'ল- লো
আয়'ডিনৰ অভাৱত
হোৱা বেমাৰ বিধ হ'ল- গৰল
৪। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা-
(ক) আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল-গাখীৰ আৰু দৈ/চর্বী আৰু প্ৰ'টিন/ভিটামিন আৰু খনিজ লবণ।
উত্তৰঃ আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল-ভিটামিন আৰু খনিজ লৱণ।
(খ) দীর্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়-বেৰিবেৰি/কুকুৰীকণা/অভাবজনিত ৰোগ।
উত্তৰঃ দীর্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়-অভাবজনিত ৰোগ।
(গ) ভিটামিন C অধিক পৰিমাণে থকা খাদ্য হ'ল-গাখীৰ/আমলখি/ছয়াবিন।
উত্তৰঃ ভিটামিন C অধিক পৰিমাণে থকা খাদ্য হ'ল-আমলখি।
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment