Skip to main content

Featured

অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ | Class 5 Poribesh Chapter 6 All Questions and Answers | Class 5 Poribesh Chapter 6 All Questions and Answers SCERT | SCERT ASSAM

 অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ 

অনুশীলনী

১। উত্তৰ লিখা-

(ক) প্রাকৃতিক সম্পদ বুলিলে কি বুজা?

উত্তৰঃ প্ৰকৃতিৰ পৰা আহৰণ কৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বোলে।

(খ) নবীকৰণক্ষম আৰু অনবীকৰণক্ষম সম্পদ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পোনৰ ব্যৱহাৰৰ উপযোগী সেইবোৰ সম্পদক নবীকৰণক্ষম সম্পদ বোলে।

       যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পোনৰ ব্যৱহাৰ কৰিব নোৱাৰি সেইবোৰ সম্পদক অনবীকৰণক্ষম সম্পদ বোলে।

(গ) অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা।

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম হ'ল- 

(১) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

(২) মানাহ ৰাষ্ট্ৰীয় উদ্যান 

(৩) নামেৰি ৰাষ্ট্ৰীয় উদ্যান

(৪) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 

(৫) ওৰাং ৰাষ্ট্ৰীয় উদ্যান

(৬) ৰাইমা ৰাষ্ট্ৰীয় উদ্যান 

(৭) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান

(ঘ) অসমৰ কোনকেইখন জিলাত চূণশিল পোৱা যায়।

উত্তৰঃ ডিমাহাছাও জিলাৰ উমৰাংছু আৰু কাৰ্বি-আংলং, ডিলাই পাহাৰ আৰু বোকাজানত চূণশিল পোৱা যায়।

(ঙ) অসমৰ বনাঞ্চলত থকা চাৰিবিধ প্ৰাণীৰ নাম উল্লেখ কৰা।

উত্তৰঃ অসমৰ বনাঞ্চলত থকা চাৰিবিধ প্ৰাণীৰ নাম হ'ল- হাতী, ঢেঁকীয়াপতীয়া বাঘ, বনৰীয়া মʼহ আৰু হলৌ বান্দৰ।

২। চমুটোকা লিখা-

(ক) অভয়াৰণ্য

(খ) সংৰক্ষিত বনাঞ্চল

(গ) উদ্ভিদ উদ্যান

(ঘ) ৰাষ্ট্ৰীয় উদ্যান।

উত্তৰঃ (ক) অভয়াৰণ্যঃ জৈৱ বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি একোটা এলেকাক অভয়াৰণ্য বুলি কোৱা হয়। অভয়াৰণ্যবোৰত উদ্ভিদ আৰু বন্যপ্ৰাণীক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয় যাতে বিনা অনুমতিত কোনোৱেই গছ-গছনি কাটিব নোৱাৰে বা বন্যপ্ৰাণী বধ কৰিব নোৱাৰে।

(খ) সংৰক্ষিত বনাঞ্চলঃ বনজ সম্পদত চহকী কিছুমান প্ৰাকৃতিক অঞ্চলক সংৰক্ষিত বনাঞ্চল বোলে। এই বনাঞ্চলত থকা উদ্ভিদ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ ব্যৱস্থা বন বিভাগে লয়।

(গ) উদ্ভিদ উদ্যানঃ এই উদ্যানসমূহত গছ-গছনিবোৰক বিষেশভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়।

(ঘ) ৰাষ্ট্ৰীয় উদ্যানঃ ৰাষ্ট্ৰীয় উদ্যানসমূহক ভিতৰ অঞ্চল আৰু দাঁতিকাষৰীয়া অঞ্চল হিচাপে দুটা ভাগত ভগোৱা হয়। ইয়াত পৰ্যটকৰ বাবে দাঁতিকাষৰীয়া অঞ্চল দৰ্শনৰ সুবিধা থাকে আৰু ভিতৰৰ অঞ্চল পৰ্যটকৰ বাবে প্ৰৱেশ নিষেধ। কাৰণ, ভিতৰৰ অঞ্চলটো বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত।

৩। খালী ঠাই পূৰ কৰা।

(ক) ২১ মার্চ দিনটো _______ হিচাপে পালন কৰা হয়।

উত্তৰঃ ২১ মার্চ দিনটো বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়।

(খ) প্রাকৃতিকভাৱে পোৱা সকলো সামগ্রী_____নহয়।

উত্তৰঃ প্রাকৃতিকভাৱে পোৱা সকলো সামগ্রী সম্পদ নহয়।

(গ) ____________ কলয়াখনি অতি পুৰণি।

উত্তৰঃ মাকুমৰ কলয়াখনি অতি পুৰণি।

(ঘ) বিলাতী মাটি প্রস্তুত কৰিবলৈ__________ ব্যৱহাৰ কৰা হয়।

উত্তৰঃ বিলাতী মাটি প্রস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়।

(ঙ)_______আৰু__________অসমৰ দুখন প্রধান নৈ। 

উত্তৰঃ ব্ৰক্ষ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন প্ৰধান নৈ।

৪। জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ জৈৱ সম্পদ সংৰক্ষণৰ প্ৰধান প্ৰয়োজনীয়তাসমূহ হ'ল—

ক) পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য অটুট ৰাখিবলৈ জৈৱ সম্পদসমূহ সংৰক্ষণ কৰাটো অতি প্ৰয়োজন।

খ) মানুহৰ লগতে চৰাই-চিৰিকটি, কীটপতংগ, উদ্ভিদ আদি সকলো জীৱই যাতে পৃথিৱীত সুস্থিৰভাৱে জীয়াই থাকিব পাৰে, তাৰ বাবে জৈৱ সম্পদ সংৰক্ষণৰ আৱশ্যক।

গ) বৰ্তমানৰ আধুনিকীকৰণ, উদ্যোগীকৰণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত ধ্বংসৰ দিশত গতি কৰা বনজ সম্পদ আৰু বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ বিজ্ঞানভিত্তিক ব্যৱহাৰ আৰু সংৰক্ষণৰ প্ৰয়োজন।

৫। পৰিৱেশ সজাগতা আনিবলৈ তুমি ৩টা ব্যৱস্থাৰ কথা উল্লেখ কৰা।

উত্তৰঃ পৰিৱেশৰ ক্ষেত্ৰত সজাগতা আনিবলৈ ল'ব পৰা ৩টা প্ৰধান ব্যৱস্থা হ'ল—

ক) বিশ্ব বন দিৱস পালন: ২১ মাৰ্চৰ দিনটো 'বিশ্ব বন দিৱস' হিচাপে পালন কৰি গছ-পুলি ৰোপণ কৰিব পাৰি আৰু গছৰ যত্ন লোৱাৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব পাৰি।

খ) বিশ্ব জল দিৱস পালন: ২২ মাৰ্চ দিনটো 'বিশ্ব জল দিৱস' হিচাপে পালন কৰি পানীৰ সংৰক্ষণ আৰু পানীৰ সঠিক ব্যৱহাৰৰ বিষয়ে সজাগতা আনিবলৈ সভা-সমিতি পাতিব পাৰি।

গ) পষ্টাৰ আৰু শ্লোগানৰ ব্যৱহাৰ: পৰিৱেশ সংৰক্ষণৰ বাবে পষ্টাৰত ধুনীয়া শ্লোগান লিখি বিদ্যালয়ৰ চৌহদত আঁৰি থৈ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ মাজত সজাগতা আনিব পাৰি।

৬। শুদ্ধ উত্তৰটো বিচাৰি লিখা-

(ক) তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয়?

(১) ৰাইমনা

(২) গৰমপানী

(৩) পবিতৰা

(৪) চক্রশীলা।

উত্তৰঃ (১) ৰাইমনা।

(খ) তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী?

(১) মইনা

(২) ময়ূৰ

(৩) ধনেশ

(৪) দেওহাঁহ।

উত্তৰঃ (৪) দেওহাঁহ।

Comments