Skip to main content

Featured

অসমৰ সংস্কৃতি | Class 5 Poribesh Chapter 7 All Questions and Answers | Class 5 Poribesh Chapter 7 All Questions and Answers SCERT | SCERT ASSAM

 অসমৰ সংস্কৃতি

অনুশীলনী

১। উত্তৰ লিখা

(ক) মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা।

উত্তৰঃ মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ হʼল- নামঘৰ আৰু খোল-তাল।

(খ) চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা।

উত্তৰঃ চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম হ'ল- জোনবিৰি, মাদলি, ডুগডুগী আৰু সাতসৰী।

(গ) তিনিবিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত তিনিবিধ বাদ্য যন্ত্ৰৰ নাম লিখা।

উত্তৰঃ বিহু- ঢোল, পেঁপা আৰু গগনা।

খেৰাই নৃত্য-খাম, চিংফু, জোথা।

ঝুমুৰ নৃত্য-মাদল, ধামচা, তাল।

(ঘ) চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা।

উত্তৰঃ চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম হ'ল- টিলপিঠা, ঘিলাপিঠা, টেকেলি পিঠা আৰু চেনিপিঠা।

(ঙ) শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা।

উত্তৰঃ শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম হ'ল- ৰংঘৰ আৰু কাৰেংঘৰ।

(চ) অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা।

উত্তৰঃ অসমত থকা দুটা মন্দিৰ নাম হ'ল- কামাখ্যা মন্দিৰ আৰু ভূৱন পাহাৰৰ মন্দিৰ।

অসমত থকা দুটা দৌল নাম হ'ল- জয়দৌল আৰু শিৱদৌল।

অসমত থকা দুখন সত্ৰৰ নাম হ'ল- আউনীআটী সত্ৰ আৰু কমলাবাৰী সত্ৰ।

২। খালী ঠাই পূৰ কৰা-

(ক) ব'হাগত __________ পালন কৰা হয়।

উত্তৰঃ ব'হাগত ৰঙালী বিহু পালন কৰা হয়।

(খ) খেৰাই পূজা_________পালন কৰে।

উত্তৰঃ খেৰাই পূজা বড়োসকলে পালন কৰে।

(গ) বিহু __________জাতীয় উৎসব।

উত্তৰঃ বিহু অসমৰ জাতীয় উৎসৱ।

(ঘ) মিছিংসকলে__________পালন কৰে।

উত্তৰঃ মিছিংসকলে আলি-আয়ে-লিগাং পালন কৰে।

(ঙ) কৰম পূজা________পালন কৰে।

উত্তৰঃ কৰম পূজা আদীবাসীসকলে পালন কৰে।

৩। অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে দহটা বাক্য লিখা।

উত্তৰঃ অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে তলত উল্লেখ কৰা হৈছে-

১) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ পিতা আৰু অসমীয়া সংস্কৃতিৰ প্ৰধান পথপ্ৰদৰ্শক।

২) তেওঁ অসমত একশৰণ নামধৰ্ম প্ৰচাৰ কৰি সকলো শ্ৰেণীৰ মানুহক একতাৰ ডোলেৰে বান্ধিছিল।

৩) ধৰ্ম আৰু সংস্কৃতি চৰ্চাৰ কেন্দ্ৰ হিচাপে তেওঁ গাঁৱে গাঁৱে নামঘৰ আৰু সত্ৰসমূহ স্থাপন কৰিছিল।

৪) অসমীয়া নাট্য জগতলৈ তেওঁৰ এক অপূৰ্ব দান হৈছে অঙ্কীয়া নাট আৰু ভাওনা।

৫) তেওঁ শ্ৰৱণ-কীৰ্তনৰ বাবে কালজয়ী গীতৰ সংকলন বৰগীত আৰু অমৰ গ্ৰন্থ কীৰ্তন-ঘোষা ৰচনা কৰিছিল।

৬) শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদাপ্ৰাপ্ত অসমৰ গৌৰৱ সত্ৰীয়া নৃত্যৰ স্ৰষ্টাও মহাপুৰুষ শংকৰদেৱেই আছিল।

৭) নাম-কীৰ্তন আৰু ভাওনাত ব্যৱহাৰৰ বাবে তেওঁ বিশেষ তাল আৰু ছন্দযুক্ত খোল নামৰ বাদ্যযন্ত্ৰটো তৈয়াৰ কৰিছিল।

৮) নাট, ভাওনা আৰু গীত পৰিৱেশনৰ বাবে তেওঁ ব্ৰজাৱলী নামৰ এক সুমধুৰ সাহিত্যিক ভাষাৰ সৃষ্টি কৰিছিল।

৯) চিত্ৰকলাৰ ক্ষেত্ৰতো অৱদান আগবঢ়াই তেওঁ তুলসী পাতৰ ৰসেৰে কপাহী কাপোৰত বিশ্ববিখ্যাত 'বৃন্দাবনী বস্ত্ৰ' বৈ তুলিছিল।

১০) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এনে মহান অৱদানৰ বাবেই অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি বিশ্বদৰবাৰত মহিমামণ্ডিত হৈ উঠিছে।

৪। চমুটোকা লিখা-

(ক) বিহু (খ) পুতলানাচ (গ) অসমীয়া ভাষা (ঘ) সত্রীয়া নৃত্য (ঙ) উৎসৱ-পার্বণ

উত্তৰঃ (ক) বিহু- বিহু হৈছে অসমৰ জাতীয় উৎসৱ। বিহু তিনিটা সেইকেইটা হ'ল ব'হাগ বিহু, কাতি বিহু আৰু মাঘবিহু। বʼহাগ বিহুক ৰঙালী বিহু, কাতি বিহুক কঙালী আৰু মাঘৰ বিহুক ভোগালী বোলা হয়। বʼহাগ বিহুত বিহুনৃত্য কৰা হয়। কাতি বিহুত তুলসীৰ তলত চাকি জ্বলোৱা হয় আৰু মাঘৰ বিহুত মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনোৱা হয়।

(খ) পুতলানাচ- পুতলানাচ অসমৰ সংস্কৃতিৰ অতি পুৰণি নাট্য অনুষ্ঠান। ইয়াত সূত্ৰধাৰৰ সহায়ত পুতলাবোৰক নচোৱা হয় আৰু ৰামায়ণ, মহাভাৰত আদিৰ পৌৰাণিক কাহিনীবোৰ পুতলা চৰিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়।

(গ) অসমীয়া ভাষা- অসমৰ স্থানীয় ভাষা অসমীয়া। ভাষাটোৰ দুটা ৰূপ এটা কথিত আৰু এটা লিখিত। অসমীয়া ভাষাই লিখিত ৰূপ পোৱাৰ আগতে মানুহৰ মুখে মুখে বিহুনাম, আইনাম, নিচুকনি গীত আদি কথিত ৰূপত প্ৰচলিত হৈছিল।

(ঘ) সত্ৰীয়া নৃত্য- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে সত্ৰীয়া নৃত্য অসমীয়া সংস্কৃতিলৈ অৱদান আগবঢ়া থৈ গৈছে। গুৰুদুজনাই আগবঢ়োৱা এই নৃত্যই ৰাষ্ট্ৰীয় মৰ্যদা পাবলৈ সক্ষম হৈছে।

(ঙ) উৎসৱ পাৰ্বণ- প্ৰতিটো জাতিৰ নিজা নিজা উৎসৱ আছে, যিবোৰ সকলোৱে মিলি উৎযাপন কৰে। উৎসৱবোৰ কৃষিৰ লগত জড়িত আৰু সেইবাবে বিভিন্ন জাতি জনজাতিৰ লোকে নিজা নিজা ৰীতি-নীতিৰে উৎসৱ পালন কৰে। যেনে- অসমীয়াসকলে বিহু, বড়োসকলে বৈখাগু, মিছিংসকলে আলি-আয়ে-লিগাং পালন কৰে ।

৫। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

'ক'                                 'খ'

তেজপুৰ                 ভূৱন পাহাৰৰ মন্দিৰ

কামৰূপ                 টেগবাহাদুৰৰ গুৰুদ্বাৰ

গোৱালপাৰা            অগ্নিগড়

ধুবুৰী                        পোৱামক্কা

কাছাৰ                      সূর্য পাহাৰ

উত্তৰঃ 

'ক'                                      'খ'

তেজপুৰ                          অগ্নিগড়

কামৰূপ                          পোৱামক্কা

গোৱালপাৰা                     সূর্য পাহাৰ

ধুবুৰী                              টেগবাহাদুৰৰ গুৰুদ্বাৰ 

কাছাৰ                           ভূৱন পাহাৰৰ মন্দিৰ


Comments