Skip to main content

Featured

আমাৰ চুবুৰীয়া ৰাজ্যসমূহ | Class 5 Environment Chapter 16 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ Question Answer | আমাৰ পৰিৱেশ | SCERT Assam | আমাৰ পৰিৱেশ Class 5 Chapter 16 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ আৰ্হি প্ৰশ্ন আৰু উত্তৰ

আমাৰ চুবুৰীয়া ৰাজ্যসমূহ 

 অনুশীলনী

১। উত্তৰ লিখা-

(ক) উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা।

উত্তৰঃ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা। 

(খ) উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম হ'ল- আদি, আহোম, ৰাভা, খাচি, মিজো, চেমা, মণিপুৰী, ত্ৰিপুৰী, নেপালী আদি।

(গ) উত্তৰ-পূব ভাৰতক সাতভনীৰ দেশ বুলি কিয় কোৱা হয়?

উত্তৰঃ উত্তৰ-পূব ভাৰতত সাতখন ৰাজ্য যেনে- অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা থকাৰ বাবে সাতভনীৰ দেশ বুলি কোৱা হয়।

(ঘ) উত্তৰ-পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম হ'ল- শ্বিলং, টাৱাং আৰু হাফলং।

২। 'ক' অংশৰ লগত 'খ' অংশ মিলাই লিখা

ক অংশ                                     খ অংশ

অৰুণাচল প্রদেশ                      ক'হিমা

নাগালেণ্ড                                  ইম্ফল                  

ত্ৰিপুৰা                                       আইজল  

মণিপুৰ                                       ইটানগৰ

মিজোৰাম                                  আগৰতলা

উত্তৰঃ 

ক অংশ                                           খ অংশ 

অৰুণাচল প্রদেশ                             ইটানগৰ

নাগালেণ্ড                                         কʼহিমা

ত্ৰিপুৰা                                            আগৰতলা 

মণিপুৰ                                            ইম্ফল 

মিজোৰাম                                       আইজল

৩। খালী ঠাই পূৰ কৰা-

(ক) মেঘালয়ৰ__________  পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়।

উত্তৰঃ মেঘালয়ৰ মৌছিনৰামত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হয়।

(খ) মণিপুৰ ৰাজ্যৰ ___________ হ্রদ প্রাকৃতিকভাৱে হোৱা এক বৃহৎ হ্রদ।

উত্তৰঃ মণিপুৰ ৰাজ্যৰ লকটক হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ।

(গ) শ্বিলং এখন ____________ ঠাই।

উত্তৰঃ শ্বিলং এখন স্বাস্থ্যকৰ  ঠাই।

(ঘ) চাহ উৎপাদনৰ ক্ষেত্ৰত ______________ ভাৰতৰ ভিতৰতেই প্রথম।

উত্তৰঃ চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে প্ৰথম।

(ঙ) _____________ খাচিসকলৰ এটা উৎসৱৰ নাম।

উত্তৰঃ নংক্ৰেম খাচিসকলৰ এটা উৎসৱৰ নাম।

৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধ বাক্যবোৰ বাচি উলিয়াই শুদ্ধকৈ লিখা-

(ক) বর্তমান অৰুণাচল প্রদেশ আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল।

উত্তৰঃ অশুদ্ধ। বৰ্তমান অৰুণাচল প্ৰদেশ আগতে উত্তৰ-পূব সীমান্ত অঞ্চল নামেৰে অসমৰ অংগ আছিল।

(খ) কার্বি আংলং জিলা সমভূমিৰে গঠিত।

উত্তৰঃ অশুদ্ধ। কাৰ্বি আংলং জিলা পাহাৰীয়া অঞ্চলেৰে গঠিত।

(গ) অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলত হিমালয় পর্বতমালা অৱস্থিত।

উত্তৰঃ অশুদ্ধ। অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত।

(ঘ) ত্ৰিপুৰা ৰাজ্যখন সমভূমিৰে আবৃত।

উত্তৰঃ শুদ্ধ।

(ঙ) মিজোৰামত লকটক হ্রদ আছে।

উত্তৰঃ অশুদ্ধ। মণিপুৰত লকটক হ্ৰদ আছে।

৫। কোন কেইখন ৰাজ্যক একেলগে 'উত্তৰ-পূব ভাৰত' বুলি কোৱা হয়?

উত্তৰঃ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয় নাগালেণ্ড আৰু ত্ৰিপুৰা ৰাজ্যক একেলগে 'উত্তৰ-পূব ভাৰত' বুলি কোৱা হয়।

৬। ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে কিয় আকর্ষণীয় লিখা।

উত্তৰঃ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ (সাতভনীৰ দেশ) প্ৰাকৃতিক সৌন্দৰ্য আৰু বৈচিত্ৰ্যময় সংস্কৃতিৰ বাবে পৰ্যটকৰ বাবে বৰ আকৰ্ষণীয়। এই ৰাজ্যসমূহ ওখ সেউজীয়া পাহাৰ, ধুনীয়া জলপ্ৰপাত, ঘন অৰণ্য আৰু নদীৰে ভৰি আছে। মেঘালয়ৰ সুন্দৰ পাহাৰীয়া চহৰ শ্বিলং, অৰুণাচল প্ৰদেশৰ বৰফেৰে আবৃত টাৱাং আৰু মণিপুৰৰ বিখ্যাত লকটক হ্ৰদ চাবলৈ বহু দূৰ-দূৰণিৰ পৰা মানুহ আহে। ইয়াৰ উপৰি, ইয়াত বাস কৰা বিভিন্ন জনগোষ্ঠীৰ ৰঙীন সাজ-পাৰ, বিহু, হৰ্ণবিল আৰু নংক্ৰেমৰ দৰে উৎসৱ-পাৰ্বণ তথা নাচ-গানবোৰে পৰ্যটকসকলক খুব সহজে আকৰ্ষিত কৰে।

Comments