Skip to main content

Featured

আমাৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ | Class 5 Poribesh Chapter 11 All Questions and Answers | Class 5 Poribesh Chapter 11 All Questions and Answers SCERT | SCERT ASSAM

 অনুশীলনী

১। উত্তৰ লিখা-

(ক) বিদ্যালয়সমূহত ছাত্র-ছাত্রীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কি ব্যৱস্থা কৰা হৈছে?

উত্তৰঃ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছে।

(খ) কোন প্রতিষ্ঠানত চৰকাৰে বা মানুহে টকা-পইচাৰ লেন-দেন কৰে?

উত্তৰঃ বেংকত চৰকাৰে বা মানুহে টকা-পইচাৰ লেন-দেন কৰে।

(গ) ৰোগীসকলক কোন প্রতিষ্ঠানত চিকিৎসা কৰা হয়?

উত্তৰঃ ৰোগীসকলক চিকিৎসালয়ত চিকিৎসা কৰা হয়।

(ঘ) সমাজত শান্তি-শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰা হৈছে?

উত্তৰঃ সমাজত শান্তি-শৃংখলা ৰক্ষা কৰাৰ কামত আৰক্ষীক নিয়োজিত কৰা হৈছে।

(ঙ) যিকোনো চাৰিটা অনুষ্ঠান-প্রতিষ্ঠানৰ নাম লিখা।

উত্তৰঃ চিকিৎসালয়, বেংক, শিক্ষানুষ্ঠান আৰু আৰক্ষী চকী। 

২। খালী ঠাই পূৰ কৰা-

(ক) ছাত্র-ছাত্রীসকলে ________ত লিখা-পঢ়া শিকে।

উত্তৰঃ ছাত্র-ছাত্রীসকলে বিদ্যালয়ত লিখা-পঢ়া শিকে।

(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে __________ আছে।

উত্তৰঃ পশু-পক্ষীৰ চিকিৎসাৰ পশু চিকিৎসালয়  বাবে আছে।

(গ) আলিবাটৰ যান-বাহন___________ য়ে নিয়ন্ত্রণ কৰে।

উত্তৰঃ আলিবাটৰ যান-বাহন আৰক্ষী য়ে নিয়ন্ত্ৰণ কৰে।

(ঘ) গাঁওসমূহত থকা শাসন ব্যৱস্থাক_________ শাসন ব্যবস্থা বোলা হয়।

উত্তৰঃ গাঁওসমূহত থকা শাসন ব্যৱস্থাক পঞ্চায়তীৰাজ শাসন ব্যবস্থা বোলা হয়।

৩। পার্থক্য লিখা- চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়।

উত্তৰঃ 

৪। চমুটোকা লিখা-

(ক) পঞ্চায়তীৰাজ শাসন ব্যবস্থা

(খ) সমবায়

(গ) আত্মসহায়ক গোট।

উত্তৰঃ 

৫। শুদ্ধ উত্তৰটো বাছি উলিওৱা-

(ক) সমাজত শান্তি-শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰে?

১। চিকিৎসকক, ২। নাৰ্ছক, ৩। আৰক্ষীক, ৪। শিক্ষকক

উত্তৰঃ ৩। আৰক্ষীক

(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ'ল-

১। চৰকাৰী চিকিৎসালয়, ২। পশু চিকিৎসালয়

৩। সমবায়, ৪। বে-চৰকাৰী চিকিৎসালয়

উত্তৰঃ ২। পশু চিকিৎসালয় 

Comments