Skip to main content

Featured

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম | Class 5 Poribesh Chapter 13 All Questions and Answers SCERT | Class 5 Poribesh Chapter 13 All Questions and Answers | SCERT ASSAM

 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম

অনুশীলনী

১। উত্তৰ লিখা-

(ক) কেতিয়াৰপৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে।

(খ) ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে?

উত্তৰঃ ভাৰতীয় নাগৰিকৰ ১১ টা মৌলিক কৰ্তব্য আছে।

(গ) সংবিধান সভাৰ সভাপতি কোন আছিল?

উত্তৰঃ সংবিধান সভাৰ সভাপতি আছিল ড° ৰাজেন্দ্ৰ প্ৰসাদ।

(ঘ) সংবিধান খচৰা কমিটীৰ নেতা কোন আছিল?

উত্তৰঃ সংবিধান খচৰা কমিটীৰ নেতা আছিল ড° ভীমৰাও আম্বেদকাৰ ।

(ঙ) ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল?

উত্তৰঃ ভাৰতীয় সংবিধানখন ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ পৰা গৃহীত হৈছিল।

২। খালী ঠাই পূৰ কৰা-

(ক) আমি ১৯৫০ চনৰপৰা প্ৰতি বছৰ ২৬ জানুৱাৰী তাৰিখে _______________ হিচাপে পালন কৰোঁ।

উত্তৰঃ আমি ১৯৫০ চনৰ পৰা প্ৰতি বছৰ ২৬ জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা কৰোঁ।

(খ) ________ সংবিধানখন অতি দীঘলীয়া সংবিধান। 

উত্তৰঃ ভাৰতৰ সংবিধানখন অতি দীঘলীয়া সংবিধান।

(গ) ভাৰতবৰ্ষ এখন সার্বভৌম ___________ গণৰাজ্য।

উত্তৰঃ ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য।

(ঘ) প্রত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব_____________ আছে।

উত্তৰঃ প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান আছে।

(ঙ) _____________চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে।

উত্তৰঃ ১৯৪৭ চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে।

৩। মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা।

উত্তৰঃ সংবিধানৰ যিবিলাক বিষেশ অধিকাৰৰ জৰিয়তে নাগৰিকে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে তেনে অধিকাৰবোৰক মৌলিক অধিকাৰ বোলে।

      মৌলিক অধিকাবোৰ হʼল-

১। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, ২। স্বাধীনতাৰ অধিকাৰ, ৩। সমতাৰ অধিকাৰ, ৪। শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ, ৫। শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ আৰু ৬। ধৰ্মীয় অধিকাৰ।

৪। প'ষ্টাৰ সাজা-

(ক) আমি সকলো ভাৰতীয়।

(খ) অসম আমাৰ জন্মভূমি।

৫। চমুটোকা লিখা-

(ক) স্বাধীনতা আন্দোলন

(খ) ভাৰতৰ সংবিধান

(গ) মৌলিক অধিকাৰ

(ঘ) মৌলিক কর্তব্য।

Comments