Skip to main content

Featured

দুৰ্যোগ আৰু আমি | Class 5 Poribesh Chapter 8 All Questions and Answers | Class 5 Poribesh Chapter 8 All Questions and Answers SCERT | SCERT ASSAM

দুৰ্যোগ আৰু আমি

 অনুশীলনী

১। উত্তৰ লিখা-

(ক) প্রাকৃতিকভাবে হোৱা তিনিটা দুৰ্যোগৰ নাম উল্লেখ কৰা।

উত্তৰঃ প্রাকৃতিকভাবে হোৱা তিনিটা দুৰ্যোগৰ নাম হ'ল- 

১। ভূমিকম্প, ২। বানপানী আৰু ৩। বনজুই ।

(খ) কৃত্রিম বানপানীত কেনেধৰণৰ দুৰ্ঘটনা হ'ব পাৰে?

উত্তৰঃ কৃত্ৰিম বানপানীৰ ফলত ভূমিস্খলন,বহুতো মানুহৰ মৃত্যু হোৱাৰ লগতে বহুতো মানুহ গৃহহাৰা হয়।

(গ) বনজুইৰ সৃষ্টি কেনেকৈ হয়?

উত্তৰঃ গছ-গছনিৰে ভৰপূৰ হাবিত ব্ৰজপাত পৰি বনজুই সৃষ্টি হয়।

(ঘ) ভূমিস্খলন হোৱাৰ কাৰণবোৰ লিখা।

উত্তৰঃ ভূমিস্খলন হোৱাৰ কাৰণবোৰ হ'ল- 

মানৱসৃষ্ট- বনানি ধ্বংস, খনন কাৰ্য কৰাৰ ফলত।

প্ৰাকৃতিকভাৱে- একেৰাহে বৰষুণ, ধুমুহা বতাহ হ'লে, নদীৰ বাঢ়নী পানীৰ প্ৰবল সোঁতত, পাহাৰৰ মাটি, শিল বিস্তৃতভাৱে খহি ভূমিস্খলন হয়।

২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

'ক'                                 'খ'

ভূমিস্খলন         পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে।

খৰাং                     জলাশয়বোৰ পানীৰে উপচি পৰে।

বানপানী                    জলাশয়বোৰ শুকাই যায়।                

বনজুই  বিস্তৃতভাৱে মাটি, বালি শিল আদি খহি পৰে।

ভূমিকম্প                      হাবিত লগা জুই।

উত্তৰঃ 

'ক'                                          'খ'

ভূমিস্খলন -বিস্তৃতভাৱে মাটি, বালি শিল আদি খহি পৰে।

খৰাং -     জলাশয়বোৰ শুকাই যায়। 

বানপানী- জলাশয়বোৰ পানীৰে উপচি পৰে।

বনজুই -        হাবিত লগা জুই। 

ভূমিকম্প -  পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে।

৩। তলত দিয়া দুর্যোগবোৰৰ বিষয়ে চমুকৈ লিখা-

(ক) খৰাং

(খ) ভূমিস্খলন

(গ) ভূমিকম্প

উত্তৰঃ (ক) খৰাং- খৰাং পৰিৱেশৰ এক ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। খৰাং বানপানীৰ একেবাৰে বিপৰীত। বহুদিন একেৰাহে বৰষুণ নোহোৱাৰ ফলত খৰাংৰ সৃষ্টি হয়। খৰাং হোৱাৰ ফলত জলাশয়বোৰ শুকাই আৰু মাটি ফাঁট মেলে। 

(খ) ভূমিস্খলন- মাটিৰ ওপৰৰ তৰপটোৰ কোনো অংশৰ মাটি, শিল, বালি আদি বিস্তৃতভাৱে খহি পৰাকে ভূমিস্খলন বোলে। মানৱসৃষ্ট আৰু প্ৰাকৃতিক কাৰণত ভূমিস্খলন হয়। একেৰাহে হোৱা বৰষুণ, ধুমুহা-বতাহৰ ফলত, খনন কাৰ্য, বনানি ধ্বংস কৰা আদিৰ ফলত ভূমিস্খলন হয়।

(গ) ভূমিকম্প- ভূমিকম্প হৈছে আন এক প্ৰাকৃতিক দুৰ্যোগ। ভূমিকম্প আহিলে পৃথিৱীৰ উপৰিভাগ হঠাতে কঁপি উঠে। 

৪। পার্থক্য লিখা-

(ক) খৰাং আৰু বানপানী।

(খ) প্রাকৃতিক দুর্যোগ আৰু মানৱসৃষ্ট দুর্যোগ।

উত্তৰঃ (ক) খৰাং আৰু বানপানী মাজৰ পাৰ্থক্য-

(খ) প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ মাজৰ পাৰ্থক্য- 

৫। খালী ঠাই পূৰ কৰা-

(ক) ১৯৫০ চনত অসমত ডাঙৰ ___________ হৈছিল।

উত্তৰঃ ১৯৫০ চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল

(খ) বনানীকৰণৰ যোগেদি______ ৰোধ কৰিব পাৰি।

উত্তৰঃ বনানীকৰণৰ যোগেদি ভূমিস্খলন ৰোধ কৰিব পাৰি।

(গ) বজ্রপাত পৰি প্ৰাকৃতিকভাবে হাবিত_____ লাগে।

উত্তৰঃ ব্ৰজপাত পৰি প্ৰাকৃতিকভাৱে হাবিত বনজুই লাগে।

(ঘ) বাঘজান তৈলখাদৰ বিস্ফোৰণ এটা____দুর্ঘটনা।

উত্তৰঃ বাঘজান তৈলখাদৰ বিস্ফোৰণ এটা ঔদ্যোগিক দুৰ্ঘটনা।

৬। দুর্যোগ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ প্ৰাকৃতিক বা মানৱসৃষ্ট ঘটনাই ভয়াৱহ ৰূপ লৈ মূহুৰ্ততে পৰিৱেশৰ ক্ষতিসাধন কৰিব পাৰে তেনে ঘটনাক দুৰ্যোগ বোলা হয়।

Comments