Skip to main content

Featured

পৰিৱেশ প্ৰদূষণ | Class 5 Poribesh Chapter 9 All Questions and Answers | Class 5 Poribesh Chapter 9 All Questions and Answers SCERT | SCERT ASSAM

 অনুশীলনী

১। উত্তৰ লিখা-

(ক) পৰিৱেশ প্রদূষণ মানে কি বুজা?

উত্তৰঃ মানুহৰ কিছুমান কাৰ্য্যৰ ফলত পৰিৱেশ দূষিত হয় যাক পৰিৱেশ প্ৰদূষণ বোলে।

(খ) প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ প্ৰদূষণ চাৰি প্ৰকাৰৰ সেই কেইটা হ'ল- বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, শব্দ প্ৰদূষণ আৰু মাটি প্ৰদূষণ।

(গ) বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা।

উত্তৰঃ বায়ু প্ৰদূষণৰ দুটা কাৰণ হ'ল- 

১। যানবাহনৰ পৰা উলোৱা ধোঁৱাৰ বাবে বায়ু প্ৰদূষণ হয়।

২। উদ্যোগৰ পৰা উলোৱা বিষাক্ত গেছে বায়ু প্ৰদূষণ কৰে।

(ঘ) পানী প্রদূষণে কি কি দিশত প্রভাৱ পেলাব পাৰে যিকোনো দুটা দিশ উল্লেখ কৰা।

উত্তৰঃ পানী প্রদূষণে প্রভাৱ পেলোৱা দুটা দিশ হ'ল- 

(১) প্ৰদূষিত পানী ব্যৱহাৰ কৰাৰ ফলত মানুহৰ বিভিন্ন বেমাৰ-আজাৰ হʼব পাৰে। যেনে- কলেৰা, জণ্ডিচ, টাইফইড আদি।

(২) প্ৰদূষিত পানী নৈ, বিল, জান-জুৰি আদিত পৰিলে বহুতো জলজ প্ৰাণীৰ মৃত্যু হয়।

(ঙ) মাটি প্রদূষণৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ মাটি প্রদূষণৰ দুটা কাৰণ হ'ল-

(১) মাটিত ৰাসায়নিক সাৰৰ প্ৰয়োগে হৈছে মাটি প্ৰদূষণৰ প্ৰধান কাৰণ।

(২) টিন আৰু প্লাষ্টিকৰ বস্তুবোৰ মাটিত মিহলি হৈ সহজে নপচি মাটি প্ৰদূষণ কৰে।

(চ) পৰিৱেশত শব্দ প্রদূষণ কেনেদৰে সৃষ্টি হয় ?

উত্তৰঃ মানুহৰ বিভিন্ন কাৰ্যৰ বাবে সৃষ্টি হোৱা অত্যধিক শব্দই পৰিৱেশত শব্দ প্ৰদূষণৰ সৃষ্টি কৰে।

২। খালী ঠাই পূৰ কৰা-

(ক) পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক______বুলি কোৱা হয়।

উত্তৰঃ পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক প্ৰদূষক বুলি কোৱা হয়।

(খ) ইন্ধন জ্বলালে বায়ুমণ্ডলত______গেছৰ পৰিমাণ বাঢ়ি যায়।

উত্তৰঃ ইন্ধন জ্বলালে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায়।

(গ) কৃষি কার্যত ৰাসায়নিক সাৰৰ সলনি_______সাৰ ব্যৱহাৰ কৰিব লাগে।

উত্তৰঃ কৃষি কার্যত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে।

(ঘ) শব্দ প্ৰদূষণৰ ফলত মানুহৰ_______শক্তি কমি যাব পাৰে।

উত্তৰঃ শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে।

(ঙ) পৰিৱেশৰ সকলোবোৰ উপাদান______কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব।

উত্তৰঃ পৰিৱেশৰ সকলোবোৰ উপাদান সুৰক্ষিত কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব।

৩। তলৰ বাক্যবোৰ শুদ্ধকৈ লিখা-

(ক) যান-বাহনৰপৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত নকৰে।

উত্তৰঃ যান-বাহনৰপৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে।

(খ) উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব নালাগে।

উত্তৰঃ উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব লাগে।

(গ) সৌৰশক্তিৰ পৰিৱৰ্তে কয়লা, পেট্র'ল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে।

উত্তৰঃ কয়লা, পেট্ৰ'ল আদিৰ পৰিৱৰ্তে সৌৰশক্তিক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে।

(ঘ) পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব নোৱাৰি।

উত্তৰঃ পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।

(ঙ) বৰষুণৰ পানী সংৰক্ষণ কৰিব নালাগে।

উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে।

৪। বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা হʼল- 

(১) বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ উদ্যোগৰ ওচৰে-পাজৰে গছপুলি ৰোপণ কৰিব লাগে। 

(২) পৰাপক্ষত যান-বাহনৰ ব্যৱহাৰ কম কৰা উচিত। কম দূৰত্বৰ যাত্ৰাৰ বাবে খোজকাঢ়ি বা চাইকেল ব্যৱহাৰ কৰিলে বায়ু প্ৰদূষণ কিছু পৰিমাণে ৰোধ হয়।

৫। পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো তিনিটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ পানী প্ৰদূষণ ৰোধ কৰিব পৰা তিনিটা ব্যৱস্থা হʼল- 

(১) উদ্যোগৰ পৰা উলোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ নৈ, জান-জুৰি, বিল আদিত নেপেলাই পানী প্ৰদূষণ ৰোধ কৰিব পাৰি।

(২) চহৰ অঞ্চলৰ নলা-নৰ্দমাৰ লেতেৰা পানী নৈ, বিল, হ্ৰদ আদিত নেপেলাই পানী প্ৰদূষণ ৰোধ কৰিব পাৰি।

(৩) নদ-নদী, পুখুৰী আদিত গা-ধোৱা, কাপোৰ ধোৱা, মৃত জীৱ পেলোৱা আদি কাৰ্য নকৰি পানী প্ৰদূষণ ৰোধ কৰিব পাৰি।

৬। মাটি প্রদূষণ কেনেদৰে ৰোধ কৰিব পাৰি লিখা।

উত্তৰঃ (১) মাটিত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ প্ৰয়োগ কৰিলে মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি।

(২) কল-কাৰখানাৰ পৰা উলোৱা আৱৰ্জনাবোৰ মুকলিকৈ পেলাই দি মাটিত দʼম কৰাৰ সলনি সেইবোৰ পুৰি নাইবা আতৰাই পেলাব লাগে।

(৩) প্লাষ্টিকৰ বস্তুবোৰ মাটিত পেলাই দিয়াৰ দি মাটি প্ৰদূষণ কৰাৰ সলনি পুৰি পেলোৱা উচিত।

৭। শব্দ প্ৰদূষণৰ ফলত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে?

উত্তৰঃ শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যায়। উচ্চ ৰক্তচাপ থকা ৰোগীৰ হৃদযন্ত্ৰৰ সমস্যা সৃষ্টি হয়।

Comments