Skip to main content

Featured

আমাৰ উদ্যোগসমূহ | Class 5 Poribesh Chapter 10 All Questions and Answers | Class 5 Poribesh Chapter 10 All Questions and Answers SCERT Assam

 আমাৰ উদ্যোগসমূহ

অনুশীলনী


১। চমুকৈ লিখা-

(ক) কেঁচামাল বুলিলে কি বুজা?

উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয় সেইবোৰক কেঁচামাল বোলে।

(খ) উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ কিয় প্রয়োজন?

উত্তৰঃ  কেঁচামাল আৰু অন্যান্য লাগতিয়াল সামগ্ৰী উদ্যোগলৈ কঢ়িয়াবলৈ আৰু উৎপাদিত সামগ্ৰী বজাৰলৈ নিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন।

(গ) উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন লিখা।

উত্তৰঃ উদ্যোগ গঢ়ি উঠিবলৈ বজাৰ, কেঁচামাল, যাতায়ত আৰু পৰিবহণ ব্যৱস্থা, ভূমি, মূলধন, শক্তি, উন্নত যন্ত্ৰ-পাতি আৰু শ্ৰমিকৰ প্ৰয়োজন।

(ঘ) লো-তীখা উদ্যোগৰ বাবে কি কি কেঁচামালৰ প্ৰয়োজন?

উত্তৰঃ লো-তীখা উদ্যোগৰ বাবে আকৰিক লো, কয়লা আৰু চূণশিলৰ প্ৰয়োজন।

(ঙ) পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয়?

উত্তৰঃ নুনি গছৰ খেতি কৰি পাটপলু পোহা হয়। পলুৱৈ সজা লেটাৰ পৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয়।

২। খালী ঠাই পূৰ কৰা-

(ক) মুম্বাই ভাৰতৰ আধুনিক __________ উদ্যোগৰ প্ৰথম কেন্দ্র।

উত্তৰঃ মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ।

(খ) কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল________

উত্তৰঃ কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হʼল বাঁহ।

(গ) ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ__________ ৰাজ্যত উৎপন্ন কৰা হয়।

উত্তৰঃ ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ কৰ্ণাটক ৰাজ্যত উৎপন্ন হয়।

(ঘ) চেনি উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল__________

উত্তৰঃ চেনি উদ্যোগৰ প্ৰধান কেঁচামাল হʼল কুঁহিয়াৰ।

৩। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

'ক'                                         'খ'

তেল শোধনাগাৰ                 কঁঠালগুৰি

গেছ প্লান্ট                            নামৰূপ

সাৰ উদ্যোগ                        শিলঘাট

মৰাপাট উদ্যোগ                   নুমলীগড়

উত্তৰঃ 

'ক'                                             'খ'

তেল শোধনাগাৰ                      নুমলীগড়

গেছ প্লান্ট                                কঁঠালগুৰি

সাৰ উদ্যোগ                             নামৰূপ

মৰাপাট উদ্যোগ                       শিলঘাট

৪। পর্যাপ্ত পৰিমাণে কেঁচামাল মজুত নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে সেই বিষয়ে এখন দেশৰ উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ 

৫। অসমত কিয় বেছিকৈ বৃহৎ উদ্যোগ গঢ়ি উঠা নাই তাৰ কাৰণসমূহ বুজাই লিখা।

উত্তৰঃ অসমত বৃহৎ উদ্যোগ গঢ়ি নুঠাৰ প্ৰধান কাৰণ হৈছে যাতায়ত ব্যৱস্থা। যাতায়ত ব্যৱস্থা সুচল নোহোৱাৰ বাবে কেঁচা সামগ্ৰী উদ্যোগলৈ অনা-নিয়া কৰাত অসুবিধাৰ সৃষ্টি হয়। পৰ্যাপ্ত পৰিমাণৰ ধনৰ অভাৱতো বৃহৎ উদ্যোগ গঢ়ি নুঠে। উন্নত যন্ত্ৰ-পাতি নোহোৱাৰ ফলত, দক্ষ শ্ৰমিকৰ অভাৱত, বৃহৎ স্থানীয় বজাৰৰ অভাৱত অসমত বৃহৎ উদ্যোগ গঢ়ি উঠা নাই।

৬। উদ্যোগ বুলিলে কি বুজা? ভাৰতৰ চাৰিটা বৃহৎ উদ্যোগৰ নাম লিখা।

উত্তৰঃ যিবোৰ সামগ্ৰী আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে নাপাওঁ সেই সামগ্ৰীবোৰ প্ৰাকৃতিক সম্পদৰ পৰা যন্ত্ৰৰ সহায়ত বিশেষ পদ্ধতি প্ৰয়োগ কৰি তৈয়াৰ কৰা হয় সেই কেন্দ্ৰবোৰক উদ্যোগ বোলে।

           ভাৰতৰ চাৰিটা বৃহৎ উদ্যোগৰ নাম হ'ল- কাগজ উদ্যোগ, চাহপাত উদ্যোগ, বস্ত্ৰ উদ্যোগ আৰু লো-তীখা উদ্যোগ।

৭। চমুটোকা লিখা-

চেনি উদ্যোগ, কাগজ উদ্যোগ, কপাহী বস্ত্র উদ্যোগ, ৰেচম উদ্যোগ, লো-তীখা উদ্যোগ।

Comments