Skip to main content

Featured

Let's Write a Story | Class 5 English Lesson 5 Question Answer

Let's Write a Story 1. Answer the following questions. Pick words from the box below to complete the answers. You may choose a word more than once: grazing,  roaming,  presence,  runs,  away save,  bush,  sadly,  tiger,  alert,  deer a) What is there in the first picture? There is a .................. the forest. Ans: There is a tiger in the forest. b) What do you see in the second picture? There is a deer ................... in the forest. Ans: There is a deer grazing in the forest. c) What happens in the third picture? The tiger sees a deer...............  .  Ans: The tiger sees a deer roaming . d) What does the tiger do in fourth picture? The..................crawls quietly towards the.............  Ans: The tiger crawls quietly towards the deer . e) What does the deer do in the fifth picture? The deer becomes................ He looks here and there and feels  the..........  the tiger. Ans: The deer becomes aler...

আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি | Class 5 Poribesh Lesson 15 Questions and answers | Class 5 Poribesh Lesson 15 Questions and Answers SCERT | SCERT ASSAM

 আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি

অনুশীলনী


১। উত্তৰ লিখা-

(ক) পাৱাৰ টিলাৰ কি?

উত্তৰঃ পাৱাৰ টিলাৰ হৈছে মাটি চহোৱা যন্ত্ৰ।

(খ) শীতল ভঁৰাল কি?

উত্তৰঃ শীতল ভঁৰাল হৈছে শাক-পাচলি সংৰক্ষণ কৰা ভঁৰাল।

(গ) কেক্‌ আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি?

উত্তৰঃ কেক্ আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ মাইক্ৰ'ৱেভ অভেন ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি।

(ঘ) কম্পিউটাৰত কি কি কাম কৰা হয়?

উত্তৰঃ কম্পিউটাৰৰ জৰিয়তে সংযোগ স্থাপন কৰা, ছবি অঁকা, টাইপ কৰা আদি কাম কৰিব পাৰি।

(ঙ) প্রযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি?

উত্তৰঃ 

২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

'ক' অংশ                                'খ' অংশ

কী-বোর্ড                নির্দেশ দিয়া কামবোৰ কৰে আৰু                                 সংৰক্ষণ কৰি ৰাখে।

মাউচ               কৰা কামখিনি আৰু কামৰ ফলাফল                          দেখা পাওঁ।

চিপিইউ           মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি                          কাম কৰিব পাৰি।

মনিটৰ         লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি।

উত্তৰঃ 

'ক' অংশ                                    'খ' অংশ

কী-বোর্ড             লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি।

মাউচ                  মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি                             কাম কৰিব পাৰি।

চিপিইউ               নির্দেশ দিয়া কামবোৰ কৰে আৰু                                  সংৰক্ষণ কৰি ৰাখে।

মনিটৰ                  কৰা কামখিনি আৰু কামৰ ফলাফল                               দেখা পাওঁ।

৩। শুদ্ধনে অশুদ্ধ লিখা-

(ক) প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে।

উত্তৰঃ শুদ্ধ।

(খ) ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ।

উত্তৰঃ শুদ্ধ।

(গ) ৰেফ্ৰিজাৰেটৰত খাদ্যবস্তু ৰান্ধিব পাৰি।

উত্তৰঃ অশুদ্ধ।

(ঘ) কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন।

উত্তৰঃ শুদ্ধ।

৪। চমু টোকা লিখা-

(ক) ম'বাইল ফোন

(খ) ইণ্টাৰনেট

উত্তৰঃ (ক) ম'বাইল ফোন- ম’বাইল ফোন হৈছে বৰ্তমান যুগৰ এক অতি গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় যোগাযোগৰ মাধ্যম। ইয়াক সহজে হাতত বা জেপত লৈ যিকোনো ঠাইলৈ যাব পাৰি বাবে ইয়াক ভ্ৰাম্যমাণ দূৰভাষ বুলিও কোৱা হয়। ম’বাইল ফোনৰ সহায়ত আমি পৃথিৱীৰ যিকোনো প্ৰান্তত থকা লোকৰ সৈতে ক্ষন্তেকতে কথা পাতিব পাৰো। বৰ্তমানৰ মোবাইল ফোনৰ জৰিয়তে ইণ্টাৰনেট ব্যৱহাৰ কৰি দেশ-বিদেশৰ খবৰ জনা, ফটো তোলা, গান শুনা, চিনেমা চোৱা আৰু ঘৰতে বহি বেংকৰ লেনদেন আদি সকলো কাম কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও অনলাইন শিক্ষাৰ ক্ষেত্ৰত ম’বাইল ফোন অতি উপযোগী প্ৰমাণিত হৈছে। কিন্তু ইয়াৰ অতিমাত্ৰা ব্যৱহাৰে মানুহৰ চকু আৰু স্বাস্থ্যৰ ক্ষতি কৰে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে মোবাইলত বেছি সময় গেম খেলি বা ভিডিঅ’ চাই থাকিলে পঢ়া-শুনাত অনিষ্ট হয়। গতিকে, আমি ম’বাইল ফোন সদায় নিজৰ প্ৰয়োজন অনুসৰি সঠিকভাৱে ব্যৱহাৰ কৰা উচিত।

(খ) ই‌ণ্টাৰনেট- গোটেই পৃথিৱীব্যাপী অসংখ্য কম্পিউটাৰ সংযোগ কৰি ৰখা বিশাল যোগাযোগ ব্যৱস্থাটোকে ইন্টাৰনেট বোলে। এই ইন্টাৰনেট ব্যৱস্থাটো হৈছে আটাইতকৈ উন্নত যোগাযোগ ব্যৱস্থা। কৃত্ৰিম উপগ্ৰহৰ সহায়ত এই যোগাযোগ ব্যৱস্থা সম্ভৱ হৈছে।

Comments