Skip to main content

Featured

Let's Write a Story | Class 5 English Lesson 5 Question Answer

Let's Write a Story 1. Answer the following questions. Pick words from the box below to complete the answers. You may choose a word more than once: grazing,  roaming,  presence,  runs,  away save,  bush,  sadly,  tiger,  alert,  deer a) What is there in the first picture? There is a .................. the forest. Ans: There is a tiger in the forest. b) What do you see in the second picture? There is a deer ................... in the forest. Ans: There is a deer grazing in the forest. c) What happens in the third picture? The tiger sees a deer...............  .  Ans: The tiger sees a deer roaming . d) What does the tiger do in fourth picture? The..................crawls quietly towards the.............  Ans: The tiger crawls quietly towards the deer . e) What does the deer do in the fifth picture? The deer becomes................ He looks here and there and feels  the..........  the tiger. Ans: The deer becomes aler...

বৰগীত | Class 10 Assamese Chapter 1 Questions and Answers | Class 10 Assamese Chapter 1 বৰগীত Question Answer | Class 10 Assamese SEBA Assam

 বৰগীত 

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া:

(ক) "....... নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।"

-কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?

উত্তৰঃ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱান শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে।

(খ) 'সনক সনন্দ যোগী যাহাকু ধিয়ায়।'

-সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?

উত্তৰঃ সনক, সনন্দ আদি যোগীসকলে জগতৰ ঈশ্বৰ শ্ৰী কৃষ্ণক ধ্যান কৰে বুলি কৈছে।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰঃ কবি সংসাৰৰ দুখ, বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।

(ঘ) তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা?

উত্তৰঃ আমাৰ পাঠ্য বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা।

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?

উত্তৰঃ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।

(চ) কবিয়ে 'বান্ধব' বুলি কাক সম্বোধন কৰিছে?

উত্তৰঃ কবিয়ে 'বান্ধৱ' বুলি শ্ৰীকৃষ্ণক সম্বোধন কৰিছে।

(ছ) 'মোহ-পাশ' মানে কি?

উত্তৰঃ 'মোহ-পাশ' মানে হ'ল মায়াৰ বন্ধন।

২। বৰগীতটিৰ মূলভাৱ লিখা।

উত্তৰঃ বৰগীত: আমাৰ পাঠত থকা মাধৱদেৱৰ বৰগীত টিৰ মাজেৰে দাস্যভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে। শ্রীকৃষ্ণই হ'ল পৰমপুৰুষ ভগৱান। তেওঁৰ লীলাৰ ৰহস্য বুজি পোৱাটো বৰ টান। সনক সনন্দ যোগীসকলেও কৃষ্ণক পাবলৈ হাজাৰ বছৰ তপস্যা কৰিবলগীয়া হৈছিল। তেনে স্থলত সাধাৰণ মানুহে কৃষ্ণৰ দৰ্শন লাভ কৰাটো সহজ নহয়। আনকি নিগম শাস্ত্ৰতো কৃষ্ণৰ বিষয়ে কোনো কথা উল্লেখ নাই। হেজাৰ মুখী কালী নাগেও কৃষ্ণৰ মহিমাৰ সীমাৰ অন্ত পেলাব নোৱাৰিলে। গতিকে কবিয়ে নিজকে অধম বুলি কৈ কৈছে যে তেওঁ কেনেকৈ বুজিব কৃষ্ণৰ মহিমা। শ্রীকৃষ্ণই হৈছে প্রকৃত বান্ধৱ। তেওঁৰ চৰণত সেৱা কৰি থাকিব পাৰিলে কবিক আৰু একো নালাগে। যিসকলে সংসাৰৰ বিষয় বাসনাত মজি আছে, তেওঁ কৃষ্ণৰ দৰ্শন লাভ কৰিব নোৱাৰে। সেয়েহে কবিয়ে মায়াৰ বন্ধনৰ পৰা ৰক্ষা পাবলৈ কৃষ্ণৰ চৰণত দাস হিচাপে সমর্পণ কৰিছে।

৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।

উত্তৰঃ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী আছিল। এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীতিস্তম্ভ হ'ল 'নামঘোষা'। এহেজাৰটা ঘোষা থকা বাবে এইখনক 'হেজাৰী ঘোষা' বুলিও কোৱা হয়। তেখেতৰ সাহিত্যিক, কৰ্মৰাজিক তলত দিয়া ভাগত ভাগ কৰিব পাৰি-

(১) আখ্যানমূলক ৰচনাৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।

(২) তত্ত্বমূলক ৰচনা-জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। (৩) নাট-অর্জুন-ভঞ্জন বা দধিমথন।

(৪) ঝুমুৰা-চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা, ভোজনবিহাৰ।

৪। ব্যাখ্যা কৰাঃ

(ক) সহস্র বয়নে যাৰ নপাৱন্ত সীমা।

অধমে জানিবো কেনে তোমাৰ মহিমা।

উত্তৰঃ উক্ত স্তৱকটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত 'বৰগীতটিৰ পৰা তুলি অনা হৈছে।

            প্রশ্নোক্ত স্তৱকটিৰ জৰিয়তে কবিয়ে ঈশ্বৰৰ মহিমাৰ কথাকে ক'লৈ বিচাৰিছে। 

            ভগবান হ'ল সমগ্র জগতৰ সৃষ্টিকর্তা। তেওঁৰ দ্বাৰাই সমগ্র জগত প্রতিপালিত হৈ আছে। সেইবাবে আমি তেওঁক সহস্র প্রণাম জাঁচিছো। ভগবানৰ মহিমা অপাৰ। সনক সনন্দ যোগী সকলেও বহু বছৰ ধ্যান কৰি তেওঁক বিচাৰি পোৱা নাই। সমস্ত নিগম শাস্ত্ৰইও যাৰ ৰহস্য বিচাৰি নাপায়, সহস্র জনেও যাৰ অস্তিত্বৰ কথা জানিব পৰা নাই, পৰমপুৰুষ সৰ্বনিয়ন্ত্রা সেইজনা হৰিৰ মহিমাৰ কথা নিঃকিন, অল্পজ্ঞানী মানুহেনো কেনেকৈ জানিব! মানুহে বিষয় বাসনাত আতুৰ হৈ ঈশ্বৰক স্মৰণ কৰিবলৈ পাহৰি যায়। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্র উপায় হ'ল ঈশ্বৰৰ চৰণত শৰণাপন্ন হোৱা। কিয়নো হৰিৰ চৰণ যুগল হ'ল সকলোৰে মহাধন। শ্রীহৰি হ'ল ভকতৰ জীৱনস্বৰূপ। সেয়েহে মুক্তিৰ বাবে শ্রীহৰিৰ ওচৰত কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে আন উপায় নাই। সেয়ে এইজনা পৰমপুৰুষ হৰিৰ ওচৰত নিজকে দাসৰো দাস হিচাপে, তুষ্য ভাবে ঈশ্বৰৰ চৰণত সমর্পণ কৰিবলৈ কবিয়ে উপদেশ দিছে।

(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।

উত্তৰঃ উদ্ধৃত বৰগীতফাঁকি আমাৰ পাঠ্যপুথি "অসমীয়া সাহিত্য চয়নিকা”ৰ অন্তৰ্গত শ্রীশ্রী মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা অনা হৈছে।

         উক্ত পদফাঁকিৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয়-বাসনাৰ পৰা উদ্ধাৰ পাবলৈ শ্রীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে।

কবিৰমতে এই সংসাৰখন মায়াজালেৰে ভৰা। এই সংসাৰৰ মায়ামোহত আৱদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়। তেওক স্মৰণ নকৰে। শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। তেঁৱেই যে আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথাৰ পৰা সম্পূর্ণ অজ্ঞাত। কিন্তু কবিয়ে এই কথা' বুজিব পাৰি ভগৱান শ্রীকৃষ্ণৰ চৰণ কমলত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে যে-হে প্রভু, দয়া কৰি আমাক এই মায়া-মোহৰ পৰা পৰিত্ৰাণ দিয়া। আমাক উদ্ধাৰ কৰা, মুক্তি দিয়া।

(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।

ভকত জনেৰ নিজ তুমিসে জীৱন।

উত্তৰঃ  তোমাৰ চৰণ দুই মোৰ মহা ধন।

ভকত জনেৰ নিজ তুমি সে জীৱন।।

         উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্য চয়নিকা'ৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা ৰচিত 'বৰগীত'টিৰ পৰা তুলি অনা হৈছে।

          ভকতৰ বাবে ভগৱানৰ দুই চৰণেই মহা ধন আৰু ভগৱানেই নিজ ভকতৰ বাবে জীৱনস্বৰূপ বুলি মহাপুৰুষজনাই পদফাঁকি অৱতাৰণা কৰিছে।

          ভগৱানৰ একান্ত ভক্ত মহাপুৰুষ মাধৱদেৱে ভগৱানকে ভকতৰ সৰ্বস্ব বুলি গ্রহণ কৰিছে। মহাপুৰুষজনাই উপলব্ধি কৰিছে যে, সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্তি পাবলৈ, সাংসাৰিক দুখ-যন্ত্ৰণাৰ পৰা উদ্ধাৰ পাবলৈ হ'লে ভগৱানৰ কৃপা লাভ কৰিব লাগিব। সেয়েহে কবিয়ে সংসাৰৰ সকলো যাতনাৰ পৰা উদ্ধাৰ পাবলৈ নিজকে ভগৱানৰ চৰণতলত সমর্পণ কৰিছে। তেওঁ ভগৱানৰ দুই চৰণক জীৱনৰ শ্ৰেষ্ঠ সম্পদ বুলি গ্রহণ কৰিছে। ঈশ্বৰেই তেওঁৰ ভকতসকলৰ বাবে জীৱনস্বৰূপ।

             এই কাকৃতি কবিতাফাঁকিৰ জৰিয়তে মহাপুৰুষ মাধৱদেৱৰ দাস্যভক্তি সুন্দৰভাবে প্রকাশ পাইছে।

৫। 'সনক সনন্দ যোগী যাহাকু ধিয়ায়

সকল নিগমে যাক বিচাৰি নপায়।'

-তাৎপর্য বিচাৰ কৰা।

উত্তৰঃ প্রশ্নোক্ত "বৰগীত” ফাঁকিৰ জৰিয়তে মহাপুৰুষ শ্রীশ্রী মাধৱদেৱে পাৰাপাৰহীন মহিমাৰ গৰাকী নেদেখাজনৰ গুণানুকীর্তনত ব্যস্ত হৈ পৰিছে।

         কবিয়ে বৈকুণ্ঠস্বামী শ্রীহৰিৰ বিষয়ে কৈছে।

         হৰি আৰু তেৰাৰ ভকতবৃন্দৰ মাজৰ সম্পৰ্ক দুগ্ধৰ ধৱলত্ব আৰু মধুৰত্বৰ লেখীয়া প্রগাঢ়। একান্ত হৰি ভকতৰ বাবে হৰিয়েই হ'ল তেৰাৰ জীৱনৰ সাৰ সর্বস্ব। শাস্ত্ৰৰ বাণী য'ত শেষ হয়, হৰিৰ মহিমা তাত আৰম্ভ হয়। সনক আৰু সনন্দ হৈছে ব্ৰহ্মাৰ মানসপুত্ৰ তথা পৰম যোগী। তথাপি, এই যোগীদ্বয়েও তেৰাৰ নামত ধ্যান কৰি জীৱনৰ আদ্যোপান্ত অর্পণ কৰা স্বত্ত্বেও তেৰাৰ সান্নিধ্য পোৱা নাই। শাস্ত্ৰবোৰৰ ক্ষেত্ৰতো তদ্রুপ। হিন্দুসকলৰ সৰ্বকালৰ সৰ্বশ্রেষ্ঠ শাস্ত্র, নিগম শাস্ত্ৰৰ পৰিধিও হৰিৰ মহিমাৰ আগত অতিশয় তুচ্ছ।

      গতিকে আমি সংসাৰ ভোগধাৰী মানুহে মায়া মোহ, কামনা-বাসনা, কাম-ক্রোধ আদি ষড়ৰিপুৰ নাগপাশত পৰি শৰবিদ্ধ ভীষ্মৰ লেখীয়া যন্ত্রণা লভাৰ কোনো আৱশ্যকতা নাই। গুৰুজনাৰ মতে, হৰিৰ শ্ৰৱণ-কীর্তন, শয়ন, দাসত্ব, পদসেৱণু তথা আত্মনিবেদনহে প্রতিজন ব্যক্তিৰ মূলমন্ত্ৰ হোৱা যুগুত। তেতিয়াহে নেদেখাজনৰ আশীৰ্বাদত জীৱনান্তত আমাৰ পৰমধামলৈ যোৱাৰ পথ প্রশস্ত হ'ব। সেয়েহে গুৰুজনাৰ এই নিস্পৃহ তথা অচলা হৰিভক্তিকে সুমৰণ কৰি আজিও অসমৰ ঘৰে ঘৰে সগৌৰৱে উদ্ভাসিত হয় খোল-তাল, মৃদংগৰ সুৰত উদাৰ হৰিভক্তিৰ সুমধুৰ বাণী।

৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।

উত্তৰঃ বৰগীতৰ চাৰিটা লক্ষণ হ'ল:

১। বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত।

২। বৰগীতৰ ভাষা ব্ৰজাৱলী।

৩। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক।

৪। বৰগীতসমূহ মূলতঃ ভক্তিৰস প্রধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে।

ভাষা-বিষয়ক:

১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।

উত্তৰঃ নপাৱন্ত- নাপায়।

কেনে- কেনেকৈ

ভৈলোহো- হ'লোঁ

তুমিসে- তুমিয়ে

জনেৰ- জনৰ

কহয়- কয়

২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হʼল-

ক) ই এটা কৃত্ৰিম সাহিত্যিক ভাষা।

খ) এই ভাষাৰ মূল ভেটি হৈছে মৈথেলী।

গ) এই ভাষাক ঠাই বিশেষে ব্ৰজবুলি,‌ ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী বোলে।

ঘ) এই ভাষাটো শংকৰদেৱৰ সময়ত উপভাষা হিচাপে অসম, বংগ আৰু উৰিষ্যাত শ্ৰী কৃষ্ণৰ লীলা বিষয়ক গীত-পদ সৃষ্টি কৰিবলৈ ব্যৱহাৰ হৈছিল।

Comments