Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
জিকিৰ | Class 10 Assamese Chapter 2 Question Answer | Class 10 Assamese Lesson 2 Question and Answer| SEBA Assam
জিকিৰ
১। চমু উত্তৰ দিয়া:
(ক) জিকিৰৰ ৰচক কোন?
উত্তৰঃ জিকিৰৰ ৰচক আজান ফকীৰ।
(খ) কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে?
উত্তৰঃ জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।
(গ) 'জিকিৰ' শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰঃ 'জিকিৰ' শব্দটো "জিকৰ" পৰা আহিছে।
২। তলৰ শব্দবোৰৰ অৰ্থ লিখা:
ৰছুল, মোমিন, ৰহম, কুটুব, বান্দা।
উত্তৰঃ ৰছুল- দূত
মোমিন- বিশ্বাসী মুছলমান
ৰহম- দয়া
কুটুব- ধ্ৰুৱ, নক্ষত্ৰ
বান্দা- ভৃত্য
৩। 'মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ'লৰ লগত দৰিকাৰ টপালি।।'
উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা।
উত্তৰঃ উক্ত জিকিৰফাঁকি আমাৰ পাঠ্যপুথি "অসমীয়া সাহিত্য চয়নিকা”ৰ অন্তৰ্গত আজান ফকীৰ বিৰচিত "জিকিৰ”ৰ পৰা উদ্ধৃত।
মক্কা হল এক পবিত্ৰ তীৰ্থস্থান। ইয়াত আল্লা অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাৰ কোনো সন্ধান নাপায়। কিয়নো জীৱকালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই তেওঁক আল্লাক কাহানিবাই পৰিত্যাগ কৰিছে। মানুহৰ ভূল ধাৰণৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাৰ নাম ললেই কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লা লুকাই থাকে। তাক মাত্ৰ স্মৰণ কৰিলেই হল।
৪। ব্যাখ্যা কৰা:
(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত। খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।
উত্তৰঃ উক্ত স্তৱকটি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত 'জিকিৰ'ৰ পৰা তুলি দিয়া হৈছে।
অন্তৰাত্মাত নিহিত হৈ থকা আল্লাক অনুভৱ কৰিব নোৱাৰি মানুহে কিদৰে আল্লাৰ অনুসন্ধান কৰে সেই প্রসংগত উক্ত স্তৱকটিৰ অৱতাৰণা কৰা হৈছে।
আল্লা হৈছে দয়াৰ সাগৰ। একমাত্র আল্লাইহে মানুহক সাগৰসদৃশ সংসাৰৰ পৰা পাৰ কৰিব পাৰে। আল্লাক উপাসনা কৰিবলৈ হ'লে মানুহে আল্লাৰ নামতে নিজক অর্পণ কৰিব লাগে আৰু গুৰুৰ চৰণ চিন্তি তেওঁক ভজিব লাগে। পানীয়ে নিজৰ মহিমা আৰু অগ্নিয়েও নিজৰ মহিমা নুবুজাৰ দৰে মানুহেও মানুহৰ মাজতেই নিহিত হৈ থকা আল্লাক উপলব্ধি কৰিব নোৱাৰি পৱিত্ৰ স্থানত আল্লাক বিচাৰি ফুৰে। সাধাৰণ লোক সকলে মক্কাৰ দৰে পৱিত্ৰ তীৰ্থলৈ গৈয়ো আল্লাক লাভ কৰিব নোৱাৰে। কাৰণ তেওঁলোকক সংসাৰৰ মায়া মোহে সকলোফালৰ পৰা আৱৰি আছে। মানুহে অন্তৰত নিহিত হৈ থকা আল্লাক উপলব্ধি কৰিব পাৰিলে পৱিত্ৰ তীৰ্থলৈ যোৱাৰ কোনো প্রয়োজন নাই। একমাত্র একান্ত ভক্তিৰ দ্বাৰাহে আল্লাক উপলব্ধি কৰা সম্ভৱ।
(খ) মক্কাৰ দুৱাৰত চাহাব তিব্বেণীৰ ঘাট। বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
উত্তৰঃউক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰদেৱে লিখা 'জিকিৰ' পাঠটোৰ পৰা তুলি লোৱা হৈছে।
উক্ত কথাফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ থকা ব্যক্তিয়ে যে ভগৱানৰ দৰ্শন লাভ কৰিব নোৱাৰে, তাকে ক'ব বিচাৰিছে।
ইয়াত মক্কাক তিৰবেণীৰ ঘাটৰ লগত তুলনা কৰা হৈছে। তিৰবেণী অর্থাৎ ত্রিবেণী হৈছে হিন্দুসকলৰ পৱিত্ৰ তীর্থস্থান। হিন্দুসকলে পৱিত্ৰ বুলি মানি অহা গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলক ত্রিবেণীৰ ঘাট বোলে।হিন্দুসকলে বিশ্বাস কৰে যদি এই ত্রিবেণীৰ ঘাটত স্নান কৰিব পাৰে তেন্তে সকলো পাপ খণ্ডন হয়। কবিয়ে পৱিত্ৰ মক্কাক ত্রিবেণীৰ ঘাটৰ লগত তুলনা কৰিছে। মক্কা হ'ল মুছলমানসকলৰ পৱিত্র তীর্থস্থান। মক্কালৈ গ'লে হেনো সকলো পাপৰ খণ্ডন হয় আৰু জীৱন মুক্তি লাভ কৰিব পাৰি। কিন্তু মায়া-মোহত বন্দী হৈ থকা মানুহে মক্কা-মদিনালৈ গ'লেও ঈশ্বৰৰ দৰ্শন লাভ কৰিব নোৱাৰে। এই মায়া মোহে তেওঁলোকৰ মুক্তিৰ পথত বাধা দিয়ে। ফলত জীৱই জীৱনত দুখহে লাভ কৰে। উক্ত কথাফাঁকিৰ জৰিয়তে ইয়াকে বুজাব বিচৰা হৈছে।
(গ) সজাৰ মইনাটিৰ অনেক যুগুতি। দেও মাৰি পাৰ হ'লে এৰিলে পীৰিতি।।
উত্তৰঃ : উক্ত জিকিৰফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পদ্যটিৰ পৰা তুলি অনা হৈছে।
মানুহৰ আত্মাৰ প্ৰকৃতিৰ বিষয়ে ক'বলৈ গৈ আজান ফকিৰে উক্ত জিকিৰফাঁকিৰ অৱতাৰণা কৰিছে।
মানুহৰ আত্মা সজাত আৱদ্ধ কৰি ৰখা এটি মইনা চৰাইৰ নিচিনা। মানুহৰ দেহৰূপী সজাত আত্মাৰূপী মইনা চৰাই বন্দী হৈ থাকে। মইনা চৰাইৰ স্বাভাৱিক বাসস্থান মুকলি আকাশ তথা অৰণ্যহে, সজা নহয়। সেইবাবে সুযোগ পালে সজাৰ পৰা ওলাই সি ওলাই গুচি যায়। পৰিত্যক্ত সজাটি লৈ তাৰ আৰু মনত নপৰে। ঠিক তেনেদৰে আমাৰ স্বাভাৱিক বাসস্থান পৰমাত্মা তথা আত্মাহে, দেহটো নহয়। সেই কাৰণে সময় আহিলে আত্মাই দেহটো পৰিত্যাগ কৰি পৰমাত্মাৰ ওচৰলৈ ঢাপলি মেলে। ইয়াৰ পিছত দেহটোৰ বিলাই-বিপত্তি নোহোৱা হয়। জীয়াই থাকোতে আত্মাই নানা বুদ্ধি-ভৰষা দি দেহটোক বিভিন্ন কামত লিপ্ত কৰায়।
ভাষা-বিষয়ক:
১। সমার্থক শব্দ লিখা:
চিন্তো, ঘাট, পীৰিতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল।
উত্তৰঃ চিন্তো- ভাৱোঁ
ঘাট- পাৰ
পীৰিতি- মৰম
আচমান- আকাশ
দৰিয়া- নদী
পিয়াহ- তৃষ্ণা
বাট- পথ
ভেল- শৰীৰ
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment